NORTHEAST NOW (Assamese)
অসম

এয়া নাটক, পতঞ্জলিৰ ক’ৰ’নাৰ ঔষধ ইয়াত বিক্ৰী কৰিলে ৰামদেৱক জেইললৈ পঠিওৱা হ’ব : ৰাজস্থান চৰকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 26, 2020 6:56 am

বাবা ৰামদেৱৰ পতঞ্জলিয়ে মুকলি কৰা ক’ৰ’নীল নামৰ ক’ৰ’না প্ৰতিৰোধী ঔষধৰ ক্ষেত্ৰত বিতৰ্ক অব্যাহত আছে।

ৰাজস্থানৰ স্বাস্থ্য মন্ত্ৰী ৰঘু শৰ্মাই পতঞ্জলিয়ে মুকলি কৰা ক’ৰ’নাৰ ঔষধ ৰাজস্থানত বিক্ৰী কৰিলে বাবা ৰামদেৱক জেইললৈ পঠিওৱা হ’ব বুলি মন্তব্য কৰে।

পতঞ্জলিয়ে জয়পুৰৰ এন আই এম এছ কলেজত ক’ৰ’নাৰ ঔষধৰ প্ৰয়োজনীয় টেষ্ট সম্পন্ন কৰিছে বুলি উল্লেখ কৰা সন্দৰ্ভত ৰাজস্থানৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে মত ব্যক্ত কৰি কয় তেওঁলোকে কোনোধৰণৰ এনে টেষ্টৰ বাবে অনুমতি প্ৰদান কৰা নাই বুলি কয়।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এয়া পতঞ্জলিৰ নাটক বুলিও লগতে কয়।

উল্লেখযোগ্য যে, বাবা ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলিয়ে অলপতে ক’ৰ’না মুক্ত কৰিব পৰা বুলি দাবী কৰি এটা ঔষধৰ কিট মুকলি কৰিছিল।

পতঞ্জলিয়ে ক’ৰ’নাৰ ঔষধ মুকলি কৰাৰ পাছত আয়ুষ মন্ত্ৰ্যালয়ে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি শীঘ্ৰে ঔষধৰ সকলো সবিশেষ তেওঁলোকৰ হাতত অৰ্পন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিজ্ঞাপন বন্ধ কৰাৰ নিৰ্দেশ দিছিল।

বাবা ৰামদেৱে মাত্ৰ সাত দিনৰ ভিতৰতে উক্ত ঔষধ ব্যৱহাৰ কৰি ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰিব পৰা যাৱ বুলি দাবী কৰিছে।