NORTHEAST NOW (Assamese)
অসম

তেজপুৰৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক, স্বাস্থ্য কৰ্মী ক’ভিড পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 25, 2020 10:42 pm
One more dies of COVID-19 in Assam

এজন চিকিৎসক আৰু ২৩গৰাকী স্বাস্থ্য কৰ্মী তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বৃহস্পতিবাৰে ক’ভিড পজিটিভ চিনাক্ত হৈছে

শেহতীয়াকৈ তেজপুৰ চহৰকে ধৰি শোণিতপুৰ জিলাত ব্যাপক সংখ্যক ক’ভিড ৰোগীৰ চিনাক্তকৰণে উদ্বিগ্নতা কঢ়িয়াই আনিছে।

আনহাতে বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসালয় আৰু হস্পিটেলতো স্বাস্থ্য কৰ্মী ক’ভিড পজিটিভ চিনাক্ত হৈছে।

চিকিৎসালয়খনত ছগৰাকী স্বাস্থ্য কৰ্মী ক’ভিড পজিটিভ চিনাক্ত হৈছে।

অসমত বিশেষকৈ গুৱাহাটী মহানগৰত শেহতীয়াকৈ ব্যাপক হাৰত ক’ভিড ৰোগী চিনাক্ত হৈছে।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীৰ ১১টা ৱাৰ্ডত লকডাউন ঘোষণা কৰিছে।

ক’ভিড-১৯ আৰোগ্য ব্যক্তিৰ সংখ্যাই অসমত বৃহস্পতিবাৰে ৪০০০ৰ সীমা অতিক্ৰম কৰিছে।

দিনটোত ৭৫গৰাকী ক’ভিড মুক্ত ব্যক্তিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ পিছত অসমত মুঠ আৰোগ্যৰ সংখ্যা হৈছেগৈ ৪০৩৩গৰাকী।

বৰ্তমান অসমত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৩২৫গৰাকী।