NORTHEAST NOW (Assamese)
অসম

৪০০০ অতিক্ৰম অসমত ক’ভিড আৰোগ্যৰ, সক্ৰিয় ৰোগী ২৩২৫

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 25, 2020 10:01 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

ক’ভিড-১৯ আৰোগ্য ব্যক্তিৰ সংখ্যাই অসমত বৃহস্পতিবাৰে ৪০০০ৰ সীমা অতিক্ৰম কৰিছে।

দিনটোত ৭৫গৰাকী ক’ভিড মুক্ত ব্যক্তিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ পিছত অসমত মুঠ আৰোগ্যৰ সংখ্যা হৈছেগৈ ৪০৩৩গৰাকী।

বৰ্তমান অসমত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৩২৫গৰাকী।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

মন্ত্ৰী শৰ্মাই হাৰকিউলিয়ান প্ৰচেষ্টাৰ বাবে চিকিৎসক আৰু পেৰামেডিকসকলৰ শলাগ লৈছে।

এতিয়ালৈকে অসমত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৬৩৭০গৰাকী।

ইয়াৰে নগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

অসমত বিশেষকৈ গুৱাহাটী মহানগৰত শেহতীয়াকৈ ব্যাপক হাৰত ক’ভিড ৰোগী চিনাক্ত হৈছে।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীৰ ১১টা ৱাৰ্ডত লকডাউন ঘোষণা কৰিছে।