NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত এন এছ চি এনৰ কেডাৰ আৰু লিংকমেন আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 25, 2020 10:00 pm

ভাৰতীয় সেনা বাহিনী আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ যুটীয়া অভিযানত ২৩ জুনত অৰুণাচলৰ  লংডিং জিলাৰ জেদুৱাত এন এছ চি এন(আই এম)ৰ দুগৰাকী কেডাৰ আৰু এগৰাকী লিংক মেন আটক হয়।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই নিৰাপত্তা বাহিনীৰ দলটোৱে এন এছ চি এন(আই এম)ৰ কেডাৰ দুগৰাকী আৰু লিংকমেন গৰাকীক আটক কৰিবলৈ সক্ষম হয়।

আটক হোৱা এন এছ চি এন(আই এম) কেডাৰ দুগৰাকী ক্ৰমে মেজৰ টাখা নাহাম আৰু টংলং ৱাংজেন বুলি চিনাক্ত কৰা হয়।

আনহাতে, আটক হোৱা লিংকমেন গৰাকী চাকফা ৱাংচু বুলি চিনাক্ত কৰা হয়।

অভিযানকাৰী দলটোৱে আটক কৰা উগ্ৰবাদী সদস্য কেইগৰাকীৰ পৰা দুটা পইণ্ট ৩২ পিষ্টল, ছয় জাই সজীৱ গুলী, তিনিটা মোবাইল ফোন, ১০ গ্ৰাম ভাং আৰু ৫০০০ ভাৰতীয় টকা উদ্ধাৰ কৰে।

অৰুণাচল আৰক্ষীয়ে আটক হোৱা এন এছ চি এন(আই এম) সদস্য কেইগৰাকীয়ে জিলাখনত সন্ত্ৰাসবাদী কাৰ্য্যকলাপ বৃদ্ধি কৰাৰ লগত জড়িত আছিল বুলি জানিবলৈ দিয়ে।