NORTHEAST NOW (Assamese)
অসম

১৫ হাজাৰ অতিক্ৰম অসমত ক’ভিড আৰোগ্যৰ, শনিবাৰে মুকলি ১০৬০

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 18, 2020 10:33 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

১০৬০গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰে সৈতে অসমত মুঠ আৰোগ্যৰ সংখ্যাই শনিবাৰে পোন্ধৰ হাজাৰৰ সীমা অতিক্ৰম কৰিছে।

শনিবাৰে চিকিৎসালয়ৰ পৰা মুকলি কৰাসকলক ধৰি অসমত মুঠ ক’ভিড আৰোগ্যৰ সংখ্যা হৈছে ১৫,১৬৫গৰাকী।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৬৬৪৩গৰাকী।

ইফালে শনিবাৰে অসমত দুগৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

এই দুজনক ধৰি অসমত ক’ভিডত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫৩লৈ বৃদ্ধি পাইছে।

শনিবাৰে মৃত্যু সাৱটা লোক দুজন হ’ল কামৰূপ মহানগৰ জিলাৰ বিনন্দি ৰাম কলিতা (৬১) আৰু যোৰহাটৰ সুশীল শ্যামল (৬২)।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত ২১,৮৬৪গৰাকী।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।