NORTHEAST NOW (Assamese)
অসম

ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ক্ৰিকেটাৰ ঋষভ পন্ট; হাস্পাতালত ভৰ্তি

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী December 30, 2022 9:30 am

টীম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটাৰ তথা উইকেটকীপাৰ ঋষভ পন্টৰ গাড়ীখন এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে। ক্ৰিকেটাৰজনে দিল্লীৰ পৰা ৰুৰকীত থকা তেওঁৰ বাসগৃহলৈ উভতি অহাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। তেওঁ গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

ৰুৰকীৰ ওচৰতে তেওঁৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয়। তেওঁৰ গাড়ীখন অনিয়ন্ত্ৰিত হৈ মাংগালোৰ কোতৱালী অঞ্চলৰ ৫৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত তীব্ৰ বেগে খুন্দা মাৰে।

পণ্টক ১০৮ অসামৰিক চিকিৎসালয়ৰ সহায়ত চিকিৎসাৰ বাবে ৰুৰকীলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাটো পুৱা ৫-১৫ বজাত সংঘটিত হৈছিল। তেওঁক এতিয়া এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে।

দুৰ্ঘটনাত পতিত হোৱা পন্টৰ গাড়ীখন।

প্ৰাৰম্ভিক তথ্য অনুসৰি, ঋষভক প্ৰথমে ৰুৰকীৰ সাক্ষম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান তেওঁক ডেৰাডুনৰ মেক্স হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে।

বাতৰি অনুসৰি, পণ্টে তেওঁৰ বিএমডব্লিউ গাড়ীখন চলাই আহিছিল আৰু উত্তৰাখণ্ডৰ ৰুৰকীৰ ওচৰত দুৰ্ঘটনাত পতিত হৈছিল।