NORTHEAST NOW (Assamese)
অসম

মণিপুৰত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১০০০ অতিক্ৰম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 26, 2020 10:12 am
Clinical-trial-of-COVID19-1-1140x570

মণিপুৰত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ১০০০ অতিক্ৰম কৰিছে। বৃহস্পতিবাৰে মণিপুৰত নতুনকৈ ৮৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ৮৬ গৰাকী লোকৰ সৈতে মণিপুৰত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১০৫৬ গৰাকীলৈ বৃদ্ধি পাইছে।

ৰাজ্যখনৰ কোভিড নিয়ন্ত্ৰণ কক্ষই সদৰি কৰা অনুসৰি বিগত ২৪ ঘণ্টাত ক’ৰ’না আক্ৰান্ত হোৱা ৮৬ গৰাকী লোকৰ ভিতৰত ৫৩ গৰাকী পুৰুষ আৰু ৩৩ গৰাকী মহিলা।

নতুনকৈ ক’ৰ’না আক্ৰান্ত এই লোকসকল মণিপুৰৰ বিষ্ণুপুৰ, চুৰাচান্দপুৰ, পশ্চিম ইম্ফল, পূৱ ইম্ফল, জিৰিবাম, কাকচিং, কামজং, কংগোকপি, সেনাপতি থৌবাল আৰু উখৰুল জিলাৰ।

ক’ৰ’না আক্ৰান্ত আটাইকেইগৰাকী লোককে মণিপুৰৰ বিভিন্ন কোভিড-১৯ কেয়াৰ কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে।

বিগত ২৪ ঘণ্টাত মণিপুৰত ৮৬ গৰাকী লোক ক’ৰ’না আক্ৰান্ত হোৱাৰ বিপৰীতে ২৬ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

মণিপুৰত এতিয়ালৈ মুঠ ৩৫৪ গৰাকী লোকক চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত বুলি ঘোষণা কৰা হৈছে।

ৰাজ্যখনত এতিয়ালৈ আৰোগ্যৰ হাৰ হৈছে ৩৩.৫২ শতাংশ।