NORTHEAST NOW (Assamese)
অসম

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত প্ৰশিক্ষণলৈ উভতিল ভাৰতীয় দলৰ তাৰকা অপেনিং বেটছমেন ৰোহিত শৰ্মা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 26, 2020 11:22 am

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত বৃহস্পতিবাৰে পুনৰ খেলপথাৰত প্ৰশিক্ষণ আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ সহ-অধিনায়ক তথা বিস্ফোৰক অপেনিং বেটছমেন ৰোহিত শৰ্মাই।

ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা ৰাষ্ট্ৰজোৰা ল’কডাউনৰ বাবে নিজ গৃহতে আৱদ্ধ হৈ থকা ৰোহিত শৰ্মাই প্ৰশিক্ষণ আৰম্ভ কৰাৰ আলোকচ্চিত্ৰ ছ’চিয়েল মিডিয়াত আপলোড কৰে।

ফটোত ৩৩ বছৰীয়া ক্ৰিকেটাৰ গৰাকীক  প্ৰশিক্ষণৰ অন্তত মুখত পানী ঢালি থকা দেখা গৈছে।

”খেলপথাৰত ট্ৰেইনিং কৰিব পাৰি ভাল লাগিছে। দীৰ্ঘদিনৰ বিৰতিৰ অন্তত কিছু ট্ৰেইনিং কৰিব পাৰিছো,” ৰোহিত শৰ্মাই ছ’চিয়েল মিডিয়াত ফটো আপলোড কৰি লিখে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বৰ্তমান সময়ত ভাৰতীয় দলৰ ক্ৰিকেটাৰ সকল নিজ গৃহতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে।

ৰোহিত শৰ্মাৰ উপৰিও কিছুদিনপূৰ্বে ভাৰতীয় দলৰ আন এগৰাকী অপেনিং বেটছমেন শিখৰ ধাৱানক বাহিৰলৈ ওলাই আহি পথৰ কাষত থকা গৰুক আহাৰ দিয়া দেখা গৈছিল।

ৰোহিত শৰ্মাই প্ৰশিক্ষণ আৰম্ভ কৰিলেও অধিনায়ক বিৰাট কোহলী এতিয়াও নিজ গৃহতে আছে।

নিজ গৃহত থকা জিমতে কোহলীয়ে অভিনেত্ৰী পত্নী অনুস্কা শৰ্মাৰ সৈতে নিজকে সুস্থ কৰি ৰখাৰ বাবে অনুশীলন চলায় গৈছে।