NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন বিজেপি বিধায়কৰ ঘৰত তালাচীৰ সময়ত উদ্ধাৰ কুমিৰ; চকু কপালত উঠিল আয়কৰ বিষয়াৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী January 10, 2025 2:45 pm
প্ৰাক্তন বিজেপি বিধায়কৰ ঘৰত তালাচীৰ সময়ত উদ্ধাৰ কুমিৰ; চকু কপালত উঠিল আয়কৰ বিষয়াৰ

মধ্যপ্ৰদেশৰ প্ৰাক্তন বিজেপি বিধায়কৰ ঘৰ আৰু একাধিক ঠিকনাত আয়কৰ বিভাগৰ অভিযান চলিছিল। তালাচী অভিযানৰ সময়ত উদ্ধাৰ হৈছে তিনিটাকৈ কুমিৰ। ইয়াৰ উপৰিও সোণ আৰু হীৰাৰ গহনা, ধন, দামী গাড়ীকে ধৰি একাধিক অবৈধ সম্পত্তি উদ্ধাৰ কৰা হৈছে।

জনা গৈছে যে তেওঁ সেই কুমিৰবোৰক পোহনীয়া হিচাপে নিজৰ বাংলোৰ এটা পুখুৰীত ৰাখিছিল। ভাৰতত এনে জীৱ-জন্তু ৰখাটো অবৈধ। তেওঁ কেনেকৈ ঘৰতে কুমিৰ পালন কৰিছিল তদন্তকাৰীয়ে সেয়া জানিবলৈ চেষ্টা কৰি আছে।

যোৱা ৫ জানুৱাৰীৰ পুৱা আয়কৰ বিভাগৰ বিষয়াসকলে মধ্যপ্ৰদেশৰ প্ৰাক্তন বিজেপি বিধায়ক হৰ্ষবংশ সিং ৰাথোৰ আৰু বিজেপিৰ কৰ্পৰেটৰ ৰাজেশ কেশ্বৰৱানীৰ ঘৰত তালাচী অভিযান চলায়।

হৰ্ষবংশৰ সাগৰ জিলাত থকা এটা বাংলোৰ তালাচীৰ সময়ত উদ্ধাৰ হৈছে তিনিটা কুমিৰ। শেহতীয়াকৈ সেই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।

হৰ্ষবংশ সাগৰ জিলাৰ ব্যৱসায়ী তথা বিজেপিৰ জ্যেষ্ঠ নেতা। ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। জিলা প্ৰধান পদৰ বাবেও তেওঁ তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁৰ পিতৃ হৰনম সিং ৰাথোৰ মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী আছিল।