NORTHEAST NOW (Assamese)
Popular Stories

ত্রিপুৰাত IPFT দলৰ নেতাক হত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 26, 2020 5:24 pm

ত্ৰিপুৰাৰ ধালাই জিলাৰ গাণ্ডাচাৰা অঞ্চলত Indigenous People’s Front of Tripura চমুকৈ IPFT দলৰ এগৰাকী নেতাক কোনো অচিনাক্ত বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই হত্যা কৰে।

নিহত নেতাজনক ৱাৰিশ আলী বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে কালি নিশা প্ৰায় ১১ বজাত ৱাৰিশ আলীৰ নাৰায়নপুৰ এডিচি গাঁৱত থকা বাসগৃহত কোনো অনিচাক্ত দুৰ্বৃত্তই আহি নেতাজনৰ ওপৰত বেয়াকৈ আক্ৰমণ চলাই তাৰ পৰা আঁতৰি যায়।

পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আলীক গাণ্ডাচাৰা হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও আঘাত গুৰুতৰ হোৱা বাবে তেওঁক উন্নত চিকিৎসাৰ বাবে আগৰতলাৰ GBP হস্পিতাললৈ প্ৰেৰণ কৰা হৈছিল।

কিন্তু চিকিৎসালয়লৈ নি থকাৰ বাটতে আলীয়ে মৃত্যুক সাবটি লয়।

আক্ৰমণটোত আলীৰ পত্নী ছালেমা বিবিয়ো আঘাতপ্ৰাপ্ত হয়।