NORTHEAST NOW (Assamese)
অসম

বলেৰে লাইন জজক আঘাত; ইউ এছ অ’পেনৰ পৰা বহিস্কৃত হ’ল বিশ্বৰ এক নম্বৰ খেলুৱৈ জক’ভিচ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 7, 2020 12:51 pm
grandfather-defends-novak-djokovic-over-the-adria-tour-controversy

এখন মেচৰ গুৰুত্বপূৰ্ণ সময়ত চাৰ্ভিছ হেৰুৱাই বিৰক্ত হৈ উঠা নোভাক জক’ভিচে খঙতে নোচোৱাকৈয়ে বল মাৰি পঠিয়ায়।

দুৰ্ভাগ্যক্ৰমে সেই বল গৈ লাইন জজৰ ডিঙিত লাগে আৰু তাৰ বাবে বিশ্বৰ এক নম্বৰ টেনিছ খেলুৱৈগৰাকী ইউ এছ অ’পেনৰ পৰা বহিস্কৃত হ’বলগীয়া হ’ল।

দেওবাৰে আৰ্থাৰ অ্যাচ কোৰ্টৰ চতুৰ্থ ৰাউণ্ডৰ মেচ চলি থকাৰ সময়ত স্পইনৰ পাবলো কাৰেনোৰ বিৰুদ্ধে জক’ভিচ এবাৰ পৰি যায়।

ইয়াৰ পাছত ১১সংখ্যক গেমত চাৰ্ভিছ হেৰুৱাই প্ৰথম ছেটত ৫-৬ত পাছ পৰি ৰয় জক’ভিচ। ইয়াৰ বাবে খঙতে পাছলৈ গৈ থকাৰ পৰাই কিছু জোৰে বল মাৰি পঠিয়ায় জক’ভিচে।

সেই বল গৈ লাইন জজৰ ডিঙিত লাগে আৰু কোৰ্টৰ মাজতে লাইন জজগৰাকী বহি পৰে।

ঘটনাটো দেখিয়েই জক’ভিচে লগে লগে ক্ষমা বিচাৰি লাইন জজৰ কাষলৈ দৌৰি যায়। আনহাতে, কোৰ্টলৈ ততাতয়াকৈ আহে টুৰ্নামেন্টৰ ৰেফাৰীকে ধৰি গ্ৰেণ্ডশ্লাম ছুপাৰভাইজাৰ তথা চেয়াৰ আম্পায়াৰ।

নেটৰ ওচৰতে তেওঁলোকৰ সৈতে জক’ভিচে প্ৰায় ১০ মিনিট সময় আলোচনা  কৰে। হাতযোৰ কৰি ক্ষমাও খোজে বিশ্বৰ এক নম্বৰ খেলুৱৈগৰাকীয়ে।

কিন্তু সকলো অনুনয়-বিনয় আওকান কৰি জক’ভিচক ফ্লাচিং মেড’ৰ পৰা বহিষ্কাৰ কৰা হয়। ১৭টাকৈ গ্ৰেণ্ডশ্লাম খিতাপ বিজয়ী খেলুৱৈগৰাকী এই ঘটনাত মৰ্মাহত হৈ পৰিছে।

অৱশেষত ফ্লাচিং মেড’ৰ বিষয়াসকলৰ সিদ্ধান্তত কোৰ্ট এৰি গুচি যাবলৈ বাধ্য হ’ল নোভাক জক’ভিচ।

ইয়াৰ ফলত একেৰাহে ২৯খন মেচত বিজয়ৰ গতিও ৰুদ্ধ হৈ পৰে। পাছত নিজৰ ইনষ্টাগ্ৰামত ক্ষমা প্ৰাৰ্থনা বিচাৰি চাৰ্বিয়াৰ তাৰকাগৰাকীয়ে কয় যে গোটেই ঘটনাটোত তেওঁ অত্যন্ত দু:খিত। এয়া একেবাৰে অনিচ্ছাকৃত যদিও ভুল হৈ গৈছিল।