NORTHEAST NOW (Assamese)
অসম

ডোনাল্ড ট্ৰাম্পৰ প্ৰশংসাত পঞ্চমুখ বিন লাডেনৰ ভতিজী নুৰ বিন লাডেন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 7, 2020 12:12 pm
noor-bin-laden

টুইন টাৱাৰ ধ্বংসৰ জৰিয়তে আমেৰিকাৰ বুকুত কামোৰ মৰা অল কাইদাৰ নেতা বিন লাডেন বুলি ক’লেই এতিয়াও মাৰ্কিনবাসীয়ে ঘৃণাত নাক কোঁচায়।

সেইগৰাকী বিন লাডেনৰে ভতিজী নুৰ বিন লাডেন এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ পৰম ভক্ত।

মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে লাডেনৰ ভতিজীয়ে ছ’চিয়েল মিডিয়াত আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান।

লাডেনৰ ভতিজী নুৰ বিন লাডেন যদিও ছুইজাৰলেণ্ডত থাকে তথাপি তেওঁ ২০১৫ চনৰ পৰাই ট্ৰাম্পৰ সমৰ্থনত প্ৰচাৰ চলাই আহিছে।

নুৰৰ মাতৃ কাৰমেন ডুফুৰ ছুইজাৰলেণ্ডৰ এগৰাকী প্ৰসিদ্ধ লেখিকা।

তেওঁ ২০০৪ চনত লাডেনৰ পৰিয়ালৰ বিষয়ে এখন গ্ৰন্থ লিখি বেছ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

লাডেনৰ ভাতৃ য়েছলাম বিন লাডেনৰ সৈতে বিবাহপাশত আৱদ্ধ পোৱা ডুফুৰৰ বিবাহ বিচ্ছেদ ঘটিছিল ১৯৯৮ চনত।

লাডেনৰ ভতিজী নুৰে এই বুলি কৈছে যে কেৱল ডোনাল্ড ট্ৰাম্পেহে আমেৰিকাক ইছলামিক সন্ত্ৰাসবাদৰ পৰা ৰক্ষা কৰিব পাৰিব।

কেৱল আমেৰিকাই নহয়,সমগ্ৰ পশ্চিমীয়া ৰাষ্ট্ৰকে ট্ৰাম্পে সুৰক্ষা দিবলৈ সক্ষম হ’ব বুলি নুৰে মন্তব্য কৰিছে।

নিৰ্বাচনৰ প্ৰাকক্ষণত এনেদৰে লাডেনৰ ভতিজীয়ে ট্ৰাম্পক সমৰ্থন জনোৱাৰ কথাই ট্ৰাম্প বিৰোধী শিৱিৰত কঁপনি তোলা পৰিলক্ষিত হৈছে।

উল্লেখ্য চিকিৎসক চাকিল আফ্ৰিডীয়ে দিয়া তথ্যৰ ভিত্তিত ২০১১ চনৰ ২ মে’ত পাকিস্তানৰ এব’টাবাদত মাৰ্কিন নেভী ছীলে বিন লাডেনক হত্যা কৰিছিল।