NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলং জিলাৰ কাকচাঙ জলপ্ৰপাতত সন্ধানহীন গোলাঘাটৰ যুৱকদ্বয়ৰ মৃতদেহ উদ্ধাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 7, 2020 11:55 am
BOKAKHAT.Kakachang.Pic.1

বোকাখাতৰ সমীপৰ কাৰ্বি আংলং জিলাৰ কাকচাঙৰ কাইফলাংচু জলপ্ৰপাতৰ পানীত দেওবাৰে নিৰুদ্দেশ হোৱা গোলাঘাটৰ যুৱকদ্বয়ৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হয় ৷

জলপ্ৰপাতত সলিল সমাধি ঘটা যুৱক দুজন হ’ল গোলাঘাট নগৰৰ ষ্টেশ্যন পথৰ বিভাকৰ নাগ আৰু টুকানি পাৰ্কৰ সুদীপ বাকচী ৷

গোলাঘাটৰ পৰা মটৰ চাইকেলেৰে অহা এটা আঠজনীয়া যুৱকৰ দলৰ সৈতে নিহত যুৱকদ্বয়ো দেওবাৰৰ দিনা কাকচাঙ জলপ্ৰপাতলৈ আহিছিল ৷

এই দলটোত আছিল গোলাঘাট ষ্টেশ্যন পথৰ বিভাকৰ নাগ, টুকানি পাৰ্কৰ সুদীপ বাকচী, হিন্দী স্কুলৰ সুভম পাল, কোনাল দে, আয়ুচ ধৰ, অভিশেখ ঘোষ, সুমিত চৰকাৰ আৰু হাস্পতাল পথৰ ৰাজু ঘোষ ৷

জলপ্ৰপাতটোত আটাইকেইজন যুৱকে পানীত নামি ধেমালি কৰি থকাৰ লগতে জলপ্ৰপাতটোৰ ওপৰৰ পৰা দুজনমানে জাপো মাৰিছিল ৷

তাৰ মাজতেই ষ্টেশ্যন পথৰ বিভাকৰ নাগ আৰু টুকানী পাৰ্কৰ সুদীপ বাকচী নামৰ যুৱক দুজন জলপ্ৰপাতটোৰ পানীত সোমাই পৰি নিৰুদ্দেশ হয় ৷

কাৰ্বি পাহাৰত যোৱা দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে জলপ্ৰপাতটোত পানী বাঢ়ি আছিল ৷

দেওবাৰে সন্ধিয়া সময়ত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পাছত ডলামৰা আৰক্ষী থানাৰ দল ঘটনাস্থলীত উপস্থিত হৈ লগত যোৱা পাঁচ সতীৰ্থক উদ্ধাৰ কৰে ৷

নিশা হৈ অহাৰ বাবে দেওবাৰ দিনা অভিযান চলাব নোৱাৰাৰ পিচত এচ ডি আৰ এফৰ দলে আজি পুৱাৰে পৰা চলোৱা অভিযানত জলপ্ৰপাতথলীত দুই যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে ৷

নিহত যুৱকদ্বয়ৰ মৃতদেহ সম্প্ৰতি গোলাঘাটলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷