NORTHEAST NOW (Assamese)
অসম

বুমৰাহক বৰ্ণবিদ্বেষী মন্তব্য, বিতৰ্কৰ মাজতে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিলে মহিলা ধাৰাভাষ্যকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 16, 2024 12:12 pm
বুমৰাহক বৰ্ণবিদ্বেষী মন্তব্য, বিতৰ্কৰ মাজতে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিলে মহিলা ধাৰাভাষ্যকাৰে

ইংলেণ্ডৰ মহিলা ধাৰাভাষ্যকাৰ ঈশা গুহই যশপ্ৰীত বুমৰাহক ‘প্ৰাইমেট’ বা আদিম মানুহ বুলি অভিহিত কৰিছিল। ইয়াৰ বাবেই প্ৰাক্তন ক্ৰিকেটাৰগৰাকী নেট জগতত তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। অৱশেষত তেওঁ ক্ষমা খুজিলে।

ইশাৰ মতে, তাৰকা পেচাৰজনক তেওঁ একেবাৰেই অপমান কৰিব বিচৰা নাছিল। বুমৰাহক প্ৰশংসা কৰিয়েই তেওঁ এইদৰে কৈছে। অৱশ্যে ঈশাই ৰাজহুৱাভাৱে ক্ষমা বিচৰা কাৰ্যক প্ৰশংসা কৰিছে ৰবি শাস্ত্ৰীয়ে।

গাব্বা টেষ্টৰ দ্বিতীয় দিনাই এই ঘটনাৰ আৰম্ভ হয়। দুৰ্দান্ত বলিঙৰ জৰিয়তে বুমৰাহে ৫ টা উইকেট দখল কৰে। ধাৰাভাষ্য দিবলৈ অহা ব্ৰেট লীয়ে কয় যে বিশ্বৰ শ্ৰেষ্ঠ বলাৰৰ পৰা এনে বলিংয়েই আশা কৰা উচিত। উত্তৰত ঈশা গুহাই বুমৰাহক ‘প্ৰাইমেট’ বুলি অভিহিত কৰে।

লগতে পঢ়কঃ ‘বিজেপিৰ পক্ষ ল’লে সেয়া নহ’লহেঁতেন’-দম্পতীৰ মৃত্যুত ৰাজনৈতিক প্ৰৰোচনাৰ অভিযোগ

ইংৰাজ ধাৰাভাষ্যকাৰগৰাকীয়ে কয়, “হয়, তেওঁতো এমভিপি। সেয়েতো? মোষ্ট ভেলুৱেবল প্ৰাইমেট, যশপ্ৰীত বুমৰাহ।” তেওঁ লগতে কয়, “কেৱল তেওঁৰ বাবেই ভাৰত সুচল হৈ আছে। সেয়ে সকলোৰে চকু আছিল বুমৰাহ ফিট হ’ব নে, এই টেষ্টত তেওঁ কেনে খেলিব।”

ইশাৰ এই মন্তব্য ছ’চিয়েল মিডিয়াত বিয়পি পৰাত নেটিজেনসকল ক্ষুব্ধ হৈ পৰে। অৱশ্যে সোমবাৰে খেল আৰম্ভ হোৱাৰ পূৰ্বে ঈশাই ৰাজহুৱাভাৱে ক্ষমা বিচাৰে। তেওঁৰ ভাষাত, “কালি মই এনে এটা শব্দ ব্যৱহাৰ কৰিলোঁ যাৰ বহু অৰ্থ আছে। কাৰোবাক আঘাত দিলে ক্ষমা বিচাৰিছোঁ। আনক সন্মান কৰাটো মোৰ বাবে সদায় অগ্ৰাধিকাৰৰ বিষয়। মোৰ সমগ্ৰ কথাখিনি যদি সকলোৱে শুনিছে তেন্তে বুজি পাব যে মই বুমৰাহক প্ৰশংসাই কৰিছো। গোটেই জীৱন ক্ৰিকেটত যাতে বৈষম্যৰ কোনো স্থান নাথাকে তাৰ বাবে চেষ্টা কৰি আহিছো।”

ভুল কৰাৰ বাবে ঈশাই যিধৰণে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছে তাতে আপ্লুত হৈ পৰিছে ৰবি শাস্ত্ৰী। তেওঁ কয়, “ঈশা বৰ নিৰ্ভীক। এনেদৰে ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ বহুত সাহসৰ প্ৰয়োজন। যিহেতু ঈশাই ক্ষমা খুজিছে, আশাকৰোঁ এতিয়া বিতৰ্ক বন্ধ হৈ যাব। আমি সকলোৱে মানুহ, আমি সকলোৱে ভুল কৰো।”

কিন্তু বৰ্ণবাদী মন্তব্য সন্দৰ্ভত বুমৰাহৰ পৰা কোনো উত্তৰ পোৱা হোৱা নাই। সোমবাৰেও তেওঁ এটা উইকেট দখল কৰে। গাব্বা টেষ্টৰ প্ৰথম ইনিংছত তেওঁ মুঠ ৬টা উইকেট দখল কৰে।