মধ্যপ্ৰদেশৰ ব্যৱসায়ী দম্পতীৰ মৃতদেহ উদ্ধাৰৰ পিছতে বিস্ফোৰক দাবী পৰিয়ালটোৰ। ব্যৱসায়ী মনোজ পাৰ্মাৰ আৰু তেওঁৰ পত্নী নেহা পাৰ্মাৰৰ মৃতদেহ উদ্ধাৰৰ সন্দৰ্ভত পৰিয়ালটোৱে দাবী কৰিছে যে কংগ্ৰেছক সমৰ্থন কৰাৰ বাবেই বলবৎকাৰী সঞ্চালকালয় বা ইডিয়ে তেওঁলোকক হাৰাশাস্তি কৰিছিল। পৰিয়ালৰ লোকেও এই ঘটনা বিজেপিৰ নিৰ্দেশতে হোৱা বুলি দাবী কৰে।
২০১৭ চনত বেংক জালিয়াতিৰ গোচৰত ব্যৱসায়ী মনোজ পাৰ্মাৰৰ কাৰ্যালয়ত ইডিয়ে অভিযান চলাইছিল। যোৱা শুকুৰবাৰে ইডিৰ অভিযানৰ অষ্টম দিনটোত পত্নীৰে সৈতে মনোজৰ মৃতদেহ উদ্ধাৰ কৰা হয়। পৰিয়ালৰ লোকে জনোৱা মতে, পাৰ্মাৰৰ দম্পতীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰাক সমৰ্থন কৰিছিল।
মধ্যপ্ৰদেশৰ বুৰহানুৰত ভাৰত জোৰো যাত্ৰাৰ সমদলৰ দিনা আনকি ব্যৱসায়ী মনোজ পাৰ্মাৰৰ নাবালক পুত্ৰই ৰাহুল গান্ধীৰ হাতত নিজৰ পিগি বেংকটো (ঘৰত জমা কৰা টকা) গতাই দিয়ে। মনোজৰ পিতৃ ধৰম সিং পাৰ্মাৰে সংবাদ মাধ্যমৰ আগত কয় যে ইডিৰ সন্ধান আচলতে তেওঁৰ পুত্ৰক বিজেপিত যোগদান কৰিবলৈ হেঁচা দিয়াৰ বাহিৰে আন একো নাছিল।
ধৰম সিঙে কয়, ‘যদি বিজেপি দলত যোগদান কৰে তেন্তে ইডিৰ গোচৰ বা কোনো গোচৰেই যে নাথাকে সেয়া নিশ্চিত। যদি আপুনি একমত নহয়, তেন্তে পৰৱৰ্তী পৰিস্থিতি চম্ভালিবলৈ সাজু হোৱাটো প্ৰয়োজন। কিন্তু বিজেপিয়ে আমাৰ পৰা সকলো কাঢ়ি লৈ গ’লেও আমি সেই দলটোক কেতিয়াও সমৰ্থন নকৰো।’
ধৰম সিঙে কয় যে ইডিৰ এটা দল কেৱল পুত্ৰৰ কাৰ্যালয়লৈ নহয়, চেহোৰৰ অষ্টা অঞ্চলত থকা তেওঁৰ ঘৰৰ লগতে হৰ্ষপুৰ গাঁৱৰ তেওঁৰ ঘৰলৈও গৈছিল। ঘটনাৰ পিছতে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি জিতু পাটোৱানীয়ে পাৰ্মাৰ পৰিয়ালক সাক্ষাৎ কৰে। ৰাহুল গান্ধীয়েও নিজৰ ফোনেৰে পৰিয়ালৰ সৈতে কথা পাতে।
কমল নাথেও এই সন্দৰ্ভত মুখ খুলিছে। কমল নাথে এক্স হেণ্ডলত লিখিছে, ‘মনোজ পাৰ্মাৰ আৰু তেওঁৰ পৰিয়ালৰ এটাই ভুল হৈছিল। সেইটো হৈছে ভাৰত জোৰো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীক পিগি বেংক উপহাৰ দিয়া। কংগ্ৰেছে এই ঘটনাক ‘ৰাজনৈতিক হত্যা’ বুলিও দাবী কৰিছে।
অৱশ্যে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ আশীষ আগৰৱালাই কয় যে, এই ঘটনাত কংগ্ৰেছে যিদৰে ৰাজনীতি টানি আনিছে সেয়া নিন্দনীয়। বিজেপিৰ বিৰুদ্ধে তোলা সকলো অভিযোগ তেওঁ মিছা বুলি দাবী কৰে।



