কেৱল পেন কাৰ্ড বা ভোটাৰ পৰিচয়-পত্ৰ থাকিলেই কোনো লোকক ভাৰতীয় নাগৰিক বুলি গণ্য কৰিব নোৱাৰি। ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ প্ৰয়োজন উপযুক্ত চৰকাৰী নথি আৰু তথ্য। এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আদালতৰ মতে, এই নথিসমূহ আবেদনকাৰীৰ আবেদনৰ ভিত্তিত প্ৰদান কৰা হয়। সেয়েহে এইবোৰক অকলে ভাৰতীয় নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ হিচাপে গ্ৰহণ কৰিব নোৱাৰি।
ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ সুষ্মিতা ফুকন খাউণ্ডৰ খণ্ড বিচাৰপীঠে এখন বিদেশী ন্যায়াধিকৰণৰ ৰায়ৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰি এই পৰ্যবেক্ষণ আগবঢ়ায়। বিদেশী ন্যায়াধিকৰণে আবেদনকাৰীক ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত ভাৰতত প্ৰৱেশ কৰা বিদেশী বুলি ঘোষণা কৰিছিল। সেই ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আবেদনকাৰী। কিন্তু পিতৃ আৰু ককাকৰ সৈতে নিজৰ সম্পৰ্ক তথা পৰিয়ালটোৰ অসমত ধাৰাবাহিক বসবাসৰ প্ৰমাণ দিবলৈ আবেদনকাৰী ব্যৰ্থ হোৱা বুলি আদালতে উল্লেখ কৰে।
মামলাৰ তথ্য অনুসৰি, আবেদনকাৰীয়ে ১৯৭৭ চনৰ ২৫ এপ্ৰিলত অসমত জন্মগ্ৰহণ কৰা বুলি দাবী কৰিছিল। নিজৰ দাবীৰ সমৰ্থনত তেওঁ ১৯৬৬ আৰু ১৯৭০ চনৰ ভোটাৰ তালিকা দাখিল কৰিছিল। সেই তালিকাত তেওঁৰ ককাকৰ নাম আছিল। ইয়াৰ উপৰি পিতৃৰ পেন কাৰ্ড, ভোটাৰ পৰিচয়-পত্ৰ, নিজৰ ৰেচন কাৰ্ড আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ আবেদন জমা দিয়াৰ ৰচিদো আদালতত দাখিল কৰিছিল।
আবেদনকাৰীৰ যুক্তি আছিল যে তেওঁৰ পিতৃ এগৰাকী ভাৰতীয় নাগৰিক। তেওঁ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলৰ হিচাপেও নিৰ্বাচিত হৈ দায়িত্ব পালন কৰিছিল। কিন্তু আদালতে এই যুক্তি গ্ৰহণ নকৰিলে। কেৱল পিতৃয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল বা পৌৰ নিগমৰ কাউন্সিলৰ হিচাপে দায়িত্ব পালন কৰিছিল বুলিয়েই আবেদনকাৰী তেওঁৰ সন্তান বুলি প্ৰমাণিত নহয় বুলি আদালতে স্পষ্ট কৰে।
আদালতে লগতে কয় যে ১৯৭০ৰ পৰা ১৯৯৭ চনলৈ পৰিয়ালটো অসমত ধাৰাবাহিকভাৱে বসবাস কৰি থকাৰ দাবীৰ পক্ষতো পৰ্যাপ্ত প্ৰমাণ দাখিল কৰিব পৰা হোৱা নাই। ভোটাৰ তালিকাত উল্লেখ কৰা বয়সৰ মাজত থকা বিস্তৰ অমিলেও আবেদনকাৰীৰ দাবীক দুৰ্বল কৰিছে।
সকলো নথি আৰু যুক্তি পৰীক্ষা কৰাৰ পাছত নাগৰিকত্ব আইন, ১৯৫৫ৰ ৬এ(২) ধাৰাৰ অধীনত প্ৰয়োজনীয় চৰ্ত পূৰণ হোৱা নাই বুলি আদালতে মত প্ৰকাশ কৰে। সেয়েহে বিদেশী ন্যায়াধিকৰণৰ সিদ্ধান্ত বাহাল ৰাখে গুৱাহাটী উচ্চ ন্যায়ালয়ে। একে সময়তে ২০২২ চনত আবেদনকাৰীক প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিনৰ নিৰ্দেশো বাতিল কৰে।





