জম্মু-কাশ্মীৰৰ কুলগাম জিলাত পুনৰ নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণ। বুধবাৰে জিলাখনৰ এখন চি আৰ পি এফৰ তালাচী চকীত হঠাতে ধাৰাসাৰ গুলীচালনা কৰে মটৰচাইকেলত অহা সশস্ত্ৰ সন্ত্ৰাসবাদীৰ এটা দলে। এই আক্ৰমণত চি আৰ পি এফৰ তিনিজন জোৱান গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে দুজনৰ অৱস্থা অতি সংকটজনক বুলি সূত্ৰই প্ৰকাশ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংতৰ সৃষ্টি হৈছে।
স্থানীয় লোক আৰু আৰক্ষীৰ সূত্ৰ অনুসৰি, মটৰচাইকেলত অহা সশস্ত্ৰ সন্ত্ৰাসবাদীৰ দলটোৱে চি আৰ পি এফৰ তালাচী চকীৰ সমীপত আহি হঠাতে গতি কমাই কৰ্তব্যৰত নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে। আকস্মিক আক্ৰমণত তিনিজন জোৱান গুলীবিদ্ধ হয়। অৱশ্যে আক্ৰমণৰ পিছতে চি আৰ পি এফৰ জোৱানসকলে প্ৰত্যুত্তৰ দিয়ে আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা চলায়।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ভাৰতীয় সেনাৰ ক্ষীপ্ৰ সঁহাৰি দল (QRT) ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি আহত জোৱানসকলক উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত তেওঁলোকক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান চিকিৎসালয়তে তেওঁলোকৰ চিকিৎসা চলি আছে।
আনহাতে, আক্ৰমণ সংঘটিত কৰিয়েই মটৰচাইকেলত পলায়ন কৰা সন্ত্ৰাসবাদীসকলৰ সন্ধানত যৌথ নিৰাপত্তা বাহিনীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে। অঞ্চলটোৰ প্ৰতিটো পথত তালাচী চলোৱাৰ লগতে সংলগ্ন এলেকাসমূহতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। সন্ত্ৰাসবাদীসকলৰ সন্ধানত চাৰিওফালে ঘেৰাও কৰি চলোৱা হৈছে চিৰুনি তালাচী।
এই ঘটনাৰ পিছতে সমগ্ৰ কুলগাম জিলাত সৰ্বোচ্চ সতৰ্কতা জাৰি কৰা হৈছে। নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে স্পৰ্শকাতৰ অঞ্চলসমূহত বিশেষ নজৰ ৰখা হৈছে। আক্ৰমণৰ আঁৰত কোন জড়িত আৰু পলায়ন কৰা সন্ত্ৰাসবাদীসকলৰ সন্ধানত অভিযান অব্যাহত আছে।




