NORTHEAST NOW (Assamese)
অসম

বাক্সাৰ তামুলপুৰ- নাগ্ৰীজুলি পথত ভয়াৱহ পথ দুৰ্ঘটনা

Posted by: দীপক কুমাৰ পাঠক, তামুলপুৰ Updated by: দীপক কুমাৰ পাঠক, তামুলপুৰ November 8, 2021 7:20 pm

বাক্সাৰ তামুলপুৰ- নাগ্ৰীজুলি পথত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা।

তামুলপুৰ- নাগ্ৰীজুলি পথৰ ৰামেচুবুৰীত এই পথ দুৰ্ঘটনা।

অচিনাক্ত উইংগাৰৰ খুন্দাত নৱীন দাস নামৰ ৬০ বছৰীয়া বৃদ্ধ পথচাৰী এজন গুৰুতৰ ভাৱে আহত ।

নাগ্ৰীজুলিৰ পৰা তামুলপুৰ অভিমুখী উইংগাৰৰ খুন্দাত আহত নবীন দাস।

দুৰ্ঘটনা সংঘটিত কৰা উইংগাৰ খনৰ পলায়ন।

নৱীন দাসৰ ঘৰ তামুলপুৰৰ ৰমেচুবুৰী গাঁওত।

দাসক সংকটজন অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পাতললৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাস্থলীত তামুলপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।