NORTHEAST NOW (Assamese)
অসম

নতুন ৰাজনৈতিক শক্তি! কৃষক মুক্তি আৰু ৭০টা সংগঠনে মিলি জন্ম দিলে ‘ৰাইজৰ দল’

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 2, 2020 1:25 pm
WhatsApp Image 2020-10-02 at 1.03.40 PM

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০ সংগঠনৰ ঔৰসত শুকুৰবাৰে জন্ম হ’ল নতুন ৰাজনৈতিক দল “ৰাইজৰ দল”।

নতুন দলটোৰ উপদেষ্টা হিচাপে থাকিব ডঃ হীৰেণ গোহাঁই, ডঃ নগেন শইকীয়া, জাহ্নু বৰুৱা, উদয়াদিত্য ভৰালীকে ধৰি আৰু বহুকেইজন বিশিষ্ট ব্যক্তি।

দলৰ মুখ্য উপদেষ্টা হিচাপে থাকিব কৃষক নেতা অখিল গগৈ।

আনহাতে, ৭০ সংগঠনৰ একোজনকৈ নেতা দলটোৰ আহ্বায়ক হিচাপে থাকিব।

খ্ৰীষ্টানবস্তি স্থিত হোটেল গেটৱে গ্ৰেণ্ডত গঠিত হয় এই নতুন ৰাজনৈতিক দলটো।

উপদেষ্টা জাহ্নু বৰুৱাই ঘোষণা কৰে দলটোৰ নাম।

অৰূপ বৰবৰা দলটোৰ মুখ্য আহ্বায়ক হিচাপে থাকিব।