লজ্জানত মানৱ সমাজ: নিজৰ কন্যাক শিকলিৰে বান্ধি বাৰম্বাৰ ধৰ্ষণ পাষাণ পিতৃৰ

পিতৃ-কন্যাৰ সম্পৰ্কক কলূষিত কৰি এক ঘৃণনীয় অপৰাধৰ অভিযোগত অভিযুক্ত হৈছে এগৰাকী ব্যক্তি। নিজ কন্যাক শিকলিৰে বান্ধি কেইবাদিনো ধৰি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে এই ব্যক্তিগৰাকীৰ বিৰুদ্ধে। মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে ৰাজস্থানত।
অভিযোগ অনুসৰি ৰাজস্থানৰ জালৌ জিলাৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীক নিজৰ পিতৃয়ে ঘৰত শিকলিৰে হাত ভৰি বান্ধি বহুদিন ধৰ্ষণ চলাই আহিছিল। জানিব পৰা মতে নিজৰ পিতৃক আন এগৰাকী মহিলাৰে সৈতে আপত্তিজনক অৱস্থাত প্ৰত্যক্ষ কৰিছিল কিশোৰীগৰাকীয়ে।
ইয়াৰ পিছতে পিতৃয়ে এটা গৃ্হত শিকলিৰে হাত ভৰি বান্ধি নিজৰ কন্যাৰ ওপৰতে শাৰীৰিক নিৰ্যাতন চলোৱা আৰম্ভ কৰে। এনেদৰে কেইবাবাৰো পিতৃৰ হাতত ধৰ্ষিতা হোৱা কিশোৰীগৰাকীয়ে সুযোগ বুজি সেই স্থানৰ পৰা পলায়ন কৰে।
পিতৃৰ ওচৰৰ পৰা পলায়ন কৰি ভুক্তভোগী কিশোৰীগৰাকী নিজৰ মাতৃ আৰু ককাকৰ ওচৰলৈ গৈ সকলো ঘটনা ব্যক্ত কৰে। কিশোৰীগৰাকী মাতৃগৰাকীয়ে তেখেতৰ স্বামীয়ে তেখেতৰ জীয়ৰীৰ লগত কৰা এই ঘৃণনীয় কাণ্ডৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে।
ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ পোৱা গৈছে। এগৰাকী আৰক্ষী বিষয়াই নিৰ্যাতনৰ বলি হোৱা কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে।