NORTHEAST NOW (Assamese)
দেশ

দক্ষিণ আফ্ৰিকাৰ পৰা ১২ টা চিতা বাঘ সহিতে ভাৰতলৈ আহি আছে বায়ু সেনাৰ বিমান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 17, 2023 7:30 pm
Cheetahs From South Africa

দক্ষিণ আফ্ৰিকাৰ পৰা পুনৰ ভাৰতলৈ অনা হ’ব ১২ টা চিতা বাঘ। ভাৰতত চিতাৰ পুনৰ সংস্থাপন আৰু বংশ বৃদ্ধিৰ উদ্দেশ্যে দক্ষিণ আফ্ৰিকাৰ সৈতে হোৱা চুক্তি অনুসৰি পুনৰ এই চিতাকেইটা ভাৰতলৈ অনাৰ প্ৰস্তুতি চলাইছে ভাৰত চৰকাৰে।

কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে জনোৱা মতে নতুনকৈ আহি থকা এই ১২ টা চিতা বাঘৰ ৭ টা মতা বাঘ আৰু বাকী ৫ টা মাইকী বাঘ।

ভাৰতীয় বায়ুসেনাৰ চি-১৭ গ্ল’বমাষ্টাৰ কাৰ্গো বিমানে বিশেষ পিঞ্জৰাত বিশেষজ্ঞৰ সৈতে এই চিতা কেইটাক ভাৰতলৈ আনিবলৈ যোজা চলাইছে। যোৱা ১৬ ফেব্ৰুৱাৰীৰ দিনা দক্ষিণ আফ্ৰিকাত উপস্থিত হৈছেগৈ ভাৰতীয় বায়ুসেনাৰ বিমানখন।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনোৱা মতে মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰা হ’ব নতুনকৈ অনা চিতাকেইটাক।

 

২০২২ চনৰ ১৭ ছেপ্টেম্বৰত নিজৰ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুনো ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়াৰ পৰা অনা ৮টা চিতা মুকলি কৰি দিছিল। ইয়াৰ পিছত এইবাৰ আকৌ মুকলি কৰি দিয়া হ’ব এই ১২ টা চিতা।

প্ৰণিধানযোগ্য যে, স্বাধীনতাৰ পূৰ্বলৈকে ভাৰতৰ হাবিটো যথেষ্ট পৰিমাণৰ চিতাবাঘ পোৱা গৈছিল। কিন্তু চিকাৰ আৰু পৰিৱেশজনিত কাৰণত ভাৰতৰ হাবিৰ পৰা চিতা বাঘৰ প্ৰজাতি চিৰদিনৰ পৰা হেৰাই যায়। ১৯৫২ চনত ভাৰতত চিতা বাঘক বিলুপ্ত প্ৰজাতি হিচাপে ঘোষণা কৰা হয়।

জানিব পৰা মতে ভাৰতৰ চিতা বাঘৰ লগত দক্ষিণ আফ্ৰিকাৰ চিতাবাঘৰ প্ৰজাতিগত পাৰ্থক্য নাই যদিও দক্ষিণ আফ্ৰিকাৰ চিতাসমূহ অধিক হিংস্ৰ।