NORTHEAST NOW (Assamese)
অসম

বাৰশৰ দিশে অসমত ক’ভিড-১৯ আক্ৰান্ত, নতুনকৈ চিনাক্ত ৮৫

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 30, 2020 9:27 pm
COVID19: 2310 persons discharged in Assam on Friday

৮৫গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে শনিবাৰে অসমত মুঠ আক্ৰান্ত ১১৮৫লৈ বৃদ্ধি পাইছে।

নতুনকৈ আক্ৰান্তসকলৰ মাজত আছে কোকৰাঝাৰ আৰু চিৰাঙৰ ২৬, হাইলাকান্দিৰ ২০, কামৰূপৰ ১৩, ডিব্ৰুগড়ৰ ১৩, যোৰহাটৰ ন আৰু গোলাঘাট আৰু কাছাৰৰ দুগৰাকীকৈ ব্যক্তি।

ইয়াৰ ফলত শনিবাৰৰ দিনটোত এতিয়ালৈকে চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সংখ্যা হৈছেগৈ ১২৮গৰাকী।

বৰ্তমান ১০১৫ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ১৬৩ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কিছু সময়ৰ পূৰ্বে  ৪৩ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণাত। আক্ৰান্তসকলৰ ৫ গৰাকী ধুবুৰী, গোলাঘাটৰ ৫ গৰাকী, ৩ গৰাকী বৰপেটা, বঙাইগাঁওৰ এগৰাকী আৰু ২৯ গৰাকী আক্ৰান্তৰ ৰিপোৰ্ট বিভিন্ন লেবৰ পৰা আহিছিল।

আজিৰ দিনটোত ১২৮ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছে।

কালিৰ দিনটোত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

ৰাজ্যত এসপ্তাহৰ ভিতৰত সাত শতাধিক  লোক  কোভিড-১৯ ত আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১১১৫ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।