NORTHEAST NOW (Assamese)
অসম

১৯ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ গুৱাহাটী আৰক্ষীৰ, হেৰইন জব্দ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 26, 2020 5:48 pm
Guwahati Police arrest 19 drug peddlers, seize heroin worth over Rs 2 lakh

গুৱাহাটী মহানগৰ আৰক্ষীয়ে জুন মাহত শুকুৰবাৰলৈকে ১৯গৰাকী ড্ৰাগচ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

সৰবৰাহকাৰীসকলৰ পৰা ২১৫.১১ গ্ৰাম সন্দেহজনক হেৰইন জব্দ কৰা হৈছে।

জব্দ কৰা হেৰইনখিনিৰ বজাৰ মূল্য দুই লাখ টকাৰ অধিক হ’ব বুলি থাৱৰ কৰা হৈছে।

আৰক্ষীয়ে লগতে ৪৮০০ বটল কডেইন চিৰাপো জব্দ কৰিবলৈ সক্ষম হৈছে।

চিৰাপখিনিৰ বজাৰমূল্য আঠ লাখ টকা।

ড্ৰাগ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে ছখন বাহনো জব্দ কৰিছে।

গুৱাহাটী আৰক্ষীয়ে এক টুইটযোগে শুকুৰবাৰে এই তথ্য সদৰী কৰিছে।