NORTHEAST NOW (Assamese)
অসম

ঘোষণা হ’ল JEE Advanced ২০২১ বৰ্ষৰ ৰিজাল্ট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 15, 2021 2:19 pm
JEE Advanced Result Declared

JEE Advanced ২০২১ ৰ ফলাফল শুক্ৰবাৰে পুৱা ১০ বজাত ঘোষণা কৰা হৈছে।

প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফল JEEৰ অফিচিয়েল ৱেবছাইট jeeadv.ac.in ত চাব পাৰিব।

পৰীক্ষাৰ ৰোল নম্বৰ, ফোন নম্বৰ আৰু জন্মতাৰিখ ব্যৱহাৰ কৰি প্ৰশিক্ষাৰ্থী সকলে ফলাফল প্ৰাপ্ত কৰিব পাৰে।

সফল প্ৰাৰ্থীসকলৰ সৰ্বভাৰতীয় ৰেংক JEE অনলাইন পৰ্টেলত উপলব্ধ হৈছে। সফল প্ৰাৰ্থীসকলে এই সন্দৰ্ভত তেওঁলোকৰ পঞ্জীভুক্ত ম’বাইল নম্বৰত মেছেজ যোগেও ফলাফল লাভ কৰিব।

৩ অক্টোবৰত ভাৰতৰ কেইবাখনো চহৰত কম্পিউটাৰ আধাৰিত পৰীক্ষাৰ মাধ্যমেৰে JEE Advanced ২০২১ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

প্ৰৰীক্ষাৰ্থী সকলৰ ফলাফলৰ লগতে পৰীক্ষাৰ চূড়ান্ত উত্তৰ কী প্ৰকাশ কৰা হৈছে। প্ৰাৰ্থীসকলে JEE ৰ অফিচিয়েল ৱেবছাইটৰ পৰা উত্তৰ কী সংগ্ৰহ কৰিব পাৰিব।