NORTHEAST NOW (Assamese)
অসম

অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ দাবী ৰিপুণ বৰাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 22, 2020 11:24 pm
APCC Prez Ripun Bora's reply over Himanta Biswa Sarma's comment

ৰিপাব্লিক টেলিভিছনৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ দাবী জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। চৰকাৰৰ ওচৰত এই দাবী ৰিপুণ বৰাৰ।

“অৰ্ণৱ গোস্বামীয়ে উদ্দেশ্যেপ্ৰণোদিতভাৱে সাম্প্ৰদায়িক দৃষ্টিভংগীৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী ডাঙৰীয়ানীৰ মানহানি কৰাৰ লগতে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব চেষ্টা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক অনুৰোধ জনালোঁ,” নিজৰ ফেচবুক পেইজত এইদৰে লিখে ৰিপুণ বৰাই।

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰত দুজন হিন্দু সাধু উম্মত্ত দলবদ্ধ আক্ৰমণত নিহত হোৱাৰ পাছতো ছোনীয়া গান্ধী কিয় মনে মনে আছে বুলি প্ৰশ্ন কৰিছিল অৰ্ণৱ গোস্বামীয়ে।

তাৰ পাছতে গোস্বামীৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে কংগ্ৰেছী নেতা-কৰ্মীসকল।

প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰই নৰ্থ ইষ্ট নাওক জনোৱা মতে কাইলৈ অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিব প্ৰদেশ কংগ্ৰেছে। সকলো ৰাজ্যতে গোস্বামীৰ বিৰুদ্ধে কংগ্ৰেছে গোচৰ তৰিব বুলি সূত্ৰটোৱে কয়।

অৰ্ণৱ গোস্বামীয়ে তেওঁৰ শ্ব’ত এজন কংগ্ৰেছী জ্যেষ্ঠ নেতাক উদ্দেশ্যি কৈছিল “আপোনালোকৰ দলৰ ৰোমৰ পৰা অহা ইটালীয়ান ছোনীয়া গান্ধী আজি মনে মনে আছে। মোৰ মনে কৈছে তেওঁ হিন্দু সন্যাসী হত্যা হোৱাৰ পাছতো মনে মনে আনন্দিত। তেওঁ ইটালীত ৰিপোৰ্ট দিব যে চাওক য’ত আমাৰ চৰকাৰ হৈছে তাতে আমি হিন্দু সন্যাসীক হত্যা কৰাইছো। তাৰ পৰা ৱাহ ৱাহ মিলিব।”