NORTHEAST NOW (Assamese)
অসম

টীয়কৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ দেহত ক’ৰ’না; অন্যান্য কৰ্মচাৰীৰ স্বোৱাব টেষ্ট নকৰাক লৈ প্ৰতিক্ৰিয়া

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 20, 2020 5:04 pm
Corona-test-hero-a219365

যোৰহাট জিলাৰ  টীয়কৰ চৰকাৰী চিকিৎসালয় টীয়ক এফ আৰ য়ুত কৰ্তব্যৰত চিকিৎসকৰ দেহত কভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে।

চিকিৎসালয়খনৰ চিকিৎসক ডা: শ্ৰীমন্ত মাধৱ বৰুৱাৰ স্বোৱাব পৰীক্ষাৰ ফলাফল প’জিটিভ পোৱা গৈছে।

ক’ৰ’না আক্ৰান্ত চিকিৎসকজনক বৰ্তমান চিকিৎসা প্ৰদান কৰি থকা হৈছে।

আনহাতে,  চিকিৎসালয়খনৰ চিকিৎসক ডা: শ্ৰীমন্ত মাধৱ বৰুৱাৰ স্বোৱাব পৰীক্ষাৰ ফলাফল পজিটিভ পোৱাৰ পাছত চিকিৎসালয়খনৰ আন চিকিৎসক, নাৰ্চ তথা কৰ্মচাৰী সকলৰ স্বোৱাব পৰীক্ষা নকৰাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখযোগ্য যে, চিকিৎসালয়খনৰ চিকিৎসক ডা:বৰুৱাৰ স্বোৱাব পৰীক্ষাৰ ফলাফল প’জিটিভ অহাৰ পাছতো চিকিৎসালয় খনত আজিও অব্যাহত আছে চিকিৎসা সেৱা।

এই সম্পৰ্কত কোনো ধৰণৰ নিৰ্দেশনা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা পোৱা নাই বুলি চিকিৎসালয়খনৰ তৰফৰ পৰা জানিবলৈ দিয়ে।