NORTHEAST NOW (Assamese)
অসম

প্লাবিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; নাৱত উঠি উদ্যান দৰ্শন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া July 20, 2020 5:10 pm

মুখ্য মন্ত্ৰীৰ পিছতে আজি প্লাবিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতিৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ 

কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাচা, কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক লগত লৈ আজি কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহিমুখৰ কাঠপৰা দৰ্শন চূড়াৰ সমীপৰ পৰা যন্ত্ৰ চালিত নাৱত উঠি তেওঁ প্লাবিত কাজিৰঙা দৰ্শন কৰে।

কহঁৰা বনাঞ্চলৰ মিহিমুখৰ পৰা কাঠপৰা দৰ্শন চূড়ালৈ জীপচিৰে গৈ থকা অৱস্থাত পথৰ ওপৰত থকা এটা গঁড়ে পথ অৱৰোধ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ক।

বনকৰ্মীয়ে গঁড়টো আঁতৰাই পথ মুকলি কৰাৰ পাছতহে মন্ত্ৰীৰ কনভয় কাঠপৰালৈ যাবলৈ সক্ষম হয়।

কাঠপৰা দৰ্শন চূড়াৰ সমীপৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সতীৰ্থ মন্ত্ৰী আৰু বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ আৰু কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰসহ বিভাগীয় যন্ত্ৰ চালিত নাৱেৰে বাগৰি বনাঞ্চললৈ যাত্ৰা কৰে৷

বাগৰি বনাঞ্চললৈ যোৱাৰ পথত তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুলনি আৰু বৰবিল বন শিৱিৰ পৰিদৰ্শন কৰি বনকৰ্মীৰ লগত মত বিনিময় কৰে৷

বনকৰ্মীয়ে ব্যৱহাৰ কৰা অস্ত্ৰ বোৰ পৰীক্ষা কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বনকৰ্মীয়ে ব্যৱহাৰ কৰি থকা পুৰণি অস্ত্ৰবোৰ সলনি কৰি থকা হৈছে বুলি মন্তব্য কৰাৰ লগতে শেষতীয়াকৈ নিৰ্মাণ কৰা কাজিৰঙা ৰাষ্টীয় উদ্যানৰ হাইলেণ্ড সমূহে বানাক্ৰান্ত বন্যপ্ৰাণীৰ বাবে সহায়ক হৈছে বুলিও তেওঁ কয়।

পৰিদৰ্শন কালত বন বিষয়াৰে হোৱা আলোচনাৰ কালত হিমন্ত বিশ্ব শৰ্মাই উপযুক্ত আঁচনি গ্ৰহন কৰিলে কেন্দ্ৰই অসমৰ বান সমস্যাৰ বাবে পুঁজি যোগান ধৰিব বুলি মন্তব্য কৰে৷

নৌকা ভ্ৰমনৰ পাছত বাগৰি বনাঞ্চলৰ সমীপৰ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা পৰিচালিত লা ভিউ নামৰ পৰ্যটন আৱাসত এক সংবাদ মেলতো অংশ লয় মন্ত্ৰী শৰ্মা৷