NORTHEAST NOW (Assamese)
অসম

ভয়াবহ বানৰ মাজতে বিবাহ অনুষ্ঠান; টুলুঙা নাৱেৰে কইনা ঘৰলৈ আহিবলৈ সাজু বৰযাত্ৰী

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা July 13, 2020 10:00 am
VideoCapture_20200713-073743

বিবাহ অনুষ্ঠান বুলি ক’লে আনন্দ উল্লাসে বিৰাজ কৰা এখন ঘৰৰ কথা আপোনাৰো মনলৈ আহে নিশ্চয়! কিন্তু ইয়াৰ বিপৰীতে চামগুৰিৰ নৈপৰীয়া লাওঁখোৱাৰ এখন বিবাহথলীত এতিয়া বিৰাজ কৰিছে এক নিমাওমাও পৰিৱেশে।

কিয়নো পূৰ্বে ধাৰ্য কৰি থোৱা তাৰিখ মতে বিয়াখন আজি অনুষ্ঠিত হৈছে থিকেই, কিন্তু বিয়া খনৰ সকলো হৰ্ষ-উল্লাস যেন ম্লান কৰি পেলালে অকস্মাৎ বৃদ্ধি পাই অহা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে।

উল্লেখযোগ্য যে, বিগত তিনি দিন ধৰি চামগুৰিৰ নৈপৰীয়া লাওঁখোৱাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবে সম্পূৰ্ণৰূপে প্লাৱিত কৰি পেলাইছে লাওঁখোৱা ভূৰবন্ধাৰ বৃহত্তৰ অঞ্চল।

ইয়াৰ বাবে বিশেষ বিবাহখন অনুষ্ঠিত হ’বলগীয়া ২নং ভূৰবন্ধা স্থিত পৰিয়ালটোৰ বাসগৃহৰ চাৰিওফালে এতিয়া বানপানী, বৈছে ব্ৰহ্মপুত্ৰৰ কোৱাল সোঁত।

উপায়হীন পৰিয়ালটোৱে নিজৰ ঘৰৰ সন্মুখৰ ওখ চোতালখনতে সাধাৰণভাবে এটি মণ্ডপ তথা হোম থলী তৈয়াৰ কৰি অনুষ্টুপীয়াকৈ বিদায় দিয়াৰ ব্যৱস্থা কৰিছে চেনেহৰ জীয়ৰী গৰাকীক।

ইপিনে, জলস্তৰ বৃদ্ধি পোৱাত কেৱল নিমন্ত্ৰিত অতিথি সকলৰ আগমনত অসুবিধা হোৱাই নহয় নিশা বৰযাত্ৰী আহিবলৈও পৰিছে যথেষ্ট বিপাঙত।

তথাপিও চামগুৰিৰ আমবাগানৰ পৰা বৰযাত্ৰী সহ আহিব লগীয়া দৰাই নিৰ্ধাৰিত দিনটোত নাঁৱৰে আহি হ’লেও নিশা নিৰ্দিষ্ট বিবাহ বিধি সম্পন্ন কৰাৰ আশ্বাস প্ৰদান কৰিছে ২নং ভূৰবন্ধাৰ বন্যাৰ্ত পৰিয়ালটোক।

অৱশ্যে এই চৰম অসুবিধা-বিপৰ্যয়ৰ মাজতো যেন মুখত হাঁহি বিৰিঙিছে কইনা গৰাকীৰ পিতৃ-মাতৃৰ মুখ মণ্ডলত।

কিয়নো পৰিয়ালটোৰ অতি মৰমৰ জীয়ৰী গৰাকীক বিয়া দিছে এনে এটা অঞ্চললৈ যিটো অঞ্চলত চামগুৰিৰ নৈপৰীয়া লাওঁখোৱাৰ বৃহত্তৰ অঞ্চলৰ দৰে প্ৰতিবছৰে বান বিভীষিকাত আজিৰ পৰা আৰু দিন অতিবাহিত কৰিব লগীয়া নহয় বানাক্ৰান্ত পৰিয়ালটোৰ চেনেহৰ কন্যা গৰাকীয়ে।