NORTHEAST NOW (Assamese)
অসম

ওলমি থকা অৱস্থাত উদ্ধাৰ বিজেপি বিধায়কৰ মৃতদেহ,তীব্ৰ চাঞ্চল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 13, 2020 11:00 am
Dead_Body_Woman_570_850_571_855

ঘৰৰ ভিতৰতে এজন বিজেপি বিধায়কৰ মৃতদেহ ওলমি থকাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। বিজেপি বিধায়ক জনক কোনোৱাই হত্যা কৰিছে নে এয়া আত্মহত্যাৰ ঘটনা তাকে লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে।

পশ্চিম বংগৰ উত্তৰ দিনাজপুৰৰ হেমতাবাদ বিধান সভা সমষ্টিৰ বিধায়ক দেবেন্দ্ৰ নাথ ৰায়ৰ মৃতদেহ সোমবাৰে পুৱা তেওঁৰ নিজা গাওঁ বিন্দালৰ বাসভৱনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।

পুৱা বহু সময়লৈ বিধায়ক গৰাকীয়ে কোঠাৰ পৰা ওলাই নহাত পৰিয়ালৰ লোকৰ সন্দেহ হয় আৰু কোঠাটোৰ বেৰৰ ফাঁকেৰে ভিতৰলৈ চাই বিধায়ক জনক ওলমি থকা অৱস্থাত দেখিবলৈ পায়।

লগে লগে আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো নমাই আনে।

পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি বিধায়ক জনক হত্যা কৰি ওলোমাই থোৱা হৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য বিধায়কদেবেন্দ্ৰ নাথ ৰায়ে ২০১৯ চনত বিজেপিত যোগদান কৰিছিল।

ইয়াৰ পূৰ্বে তেওঁ চিপিএমৰ বিধায়ক আছিল।

তেওঁৰ মৃত্যুৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত হৈ থকা বুলি পশ্চিম বংগ বিজেপিয়ে অভিযোগ কৰিছে।

আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰায়গঞ্জৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।