NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছ: গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মীৰ মাজত সজাগতা সভা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 22, 2020 11:11 pm
COVID-19: GMC organises awareness programme among sanitation workers

গুৱাহাটী পৌৰ নিগমে চাফাই কৰ্মীসকলৰ মাজত বুধবাৰে এক সজাগতা সভা অনুষ্ঠিত কৰে আৰু কৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে মাস্ক, গ্লভচ আদি কিমান প্ৰয়োজনীয় তাক বুজায়।

এই সজাগতা সভাত ইণ্ডিয়ান ৰেডক্ৰচ ছছাইটিৰ এটি দলে অংশ লয় আৰু চাফাই কৰ্মীসকলক সজাগ কৰে।

সজাগতা সভাত চাফাই কৰ্মী সকলৰ মাজত মাস্ক,গ্লভচ আদি বিতৰণ কৰা হয়।

তেওঁলোকক কৰ’নাভাইৰাছৰ পৰা ৰক্ষা পাবলৈ হাত কেনেকৈ ধুব লাগে সেই বিষয়েও সজাগ কৰে।

মহানগৰীৰ দুটা ডিভিজনত এই সজাগতা সভা অনুষ্ঠিত কৰা হয়। পৰৱৰ্তী সময়ত বাকীসমূহ ডিভিজনত এই সভা অনুষ্ঠিত কৰা হ’ব।

কৰনা ভাইৰাছে সমগ্ৰ বিশ্বতে এক সংহাৰী ৰূপ ধাৰণ কৰিছে। শেহতীয়াভাৱে ভাৰততো কৰনা ভাইৰাছত প্ৰায় বিশ সহস্ৰাধিক লোক আক্ৰান্ত হৈছে।

কৰনা সংক্ৰমণ ৰোধৰ বাবে মে’ পৰ্যন্ত লকডাউন ঘোষণা কৰিছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

এই লকডাউনৰ সময়ত নিজ নিজ কৰ্মত ব্ৰতী আছে জৰুৰীকালীন সেৱাত নিয়োজিত ব্যক্তি সকল।