NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ ল’কডাউন অব্যাহত থকা ১১টা ৱাৰ্ডৰ বাবে সাময়িকভাৱে শিথিল

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 26, 2020 8:54 pm
index.jpg1

গুৱাহাটীৰ ল’কডাউন অব্যাহত থকা ১১টা ৱাৰ্ডৰ বাবে সাময়িকভাৱে শিথিল কৰা হ’ব৷

কামৰূপ মহানগৰ জিলা প্ৰশাসন জাৰী কৰা এখন জাননীত কোৱা হৈছে যে অহা ২৭ আৰু ২৮ জুনত  পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৪ বজালৈকে ৱাৰ্ডসমূহত অব্যাহত অব্যাহত ল’কডাউন শিথিল কৰা হ’ব৷

অহা ২৮ জুনৰ নিশা ১২ বজাৰ পৰা সমগ্ৰ গুৱাহাটী মহানগৰীতে সম্পূৰ্ণ ল’কডাউন জাৰি কৰা হ’ব।

উক্ত ৱাৰ্ডসমূহৰ জনসাধাৰণক অত্যাৱশ্যকীয় সা-সামগ্ৰী সংগ্ৰহৰ সুবিধাৰ বাবে এই শিথিলতা প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, মহানগৰীৰ ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১০, ১৫ আৰু ১৬ নম্বৰ ৱাৰ্ডত ল’কডাউন অব্যাহত আছে।

গুৱাহাটী মহানগৰীত গণ সংক্ৰমন ৰোধৰ বাবে ১১ টা ৱাৰ্ডত যোৱা ২৩ জুনত লকডাউন ঘোষনা কৰিছিল জিলা প্ৰশাসনে ৷