NORTHEAST NOW (Assamese)
অসম

১১ মাৰ্চত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানলৈ অনা হ’ব এটা ঢেকিয়াপতীয়া বাঘ

Posted by: সুকৃতি গগৈ February 26, 2018 9:43 pm
Assam State Zoo

গুৱাহাটী আৰু মাইছৰ চিৰিয়াখানাৰ মাজত হোৱা এক জন্তুৰ বিনিময় কাৰ্যসূচীৰ অংশ হিচাপে শ্ৰীঘে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানলৈ এটা বাঘ অনা হ’ব।

অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ ডি এফ অ’ টেজাছ মৰিস্বামীয়ে কয়, ‘আমাৰ এক জন্তু বিনিময় কাৰ্যসূচী আছে যাৰ অধীনত ১১ মাৰ্চত আমি মাইছৰ চিৰিয়াখানাৰ পৰা এটা ঢেকিয়াপতীয়া বাঘৰ লগতে এজোৰ কৃষ্ণ মৃগ লগভ কৰিম।

মৰিস্বামীয়ে লগতে কয় যে ঢেকিয়াপতীয়া বাঘ আৰু বগা বাঘৰ মাজত মূলত প্ৰজনন কৰোৱাৰ উদেশ্যে উক্ত বাঘটোক চিৰিয়াখানাখনলৈ অনা হ’ব।

বৰ্তমান গুৱাহাটী চিৰিয়াখানাত বগা বাঘকে ধৰি চাৰিজনী মাইকী বাঘ আছে বুলি কৈ মৰিস্বামীয়ে কয় য়ে ২০০৬ চনতে ছিমোগা চিৰিয়াখানাৰ পৰা এজনি মাইকী বাঘ অনা হৈছিল।

আনহাতে গুৱাহাটী চিৰিয়াখানাত কৃষ্ণ মৃগ নথকাৰ কথা উল্লেখ কৰি ডি এফ অ’ গৰাকীয়ে জনাই যে ১১ মাৰ্চত আনিব লগীয়া কৃষ্ণ মৃগ যোৰ চিৰিয়াখানাখনলৈ এক নতুন সংযোজন হ’ব।

তেওঁ আৰু কয়, ‘ইয়াৰ বিনিময়ত, মাইছৰ চিৰিয়াখানালৈ এযোৰ নাহৰফুটুকী মেকুৰী, দুযোৰ গ্ৰেট হোয়াইট পেলিকান, এযোৰ বাৰ্কিং হৰিণ আৰু এযোৰ ছাংগাই হৰিণ প্ৰেৰণ কৰিব।’

ইয়াৰ উপৰি অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানলৈ কানপুৰ চিৰিয়াখানাৰ পৰা মগৰ আৰু ঘৰিয়াল অনাৰ পৰিকল্পনা কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।