NORTHEAST NOW (Assamese)
অসম

১১ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব বিজেপি চৰকাৰৰ অন্তিম খন বিধানসভা অধিৱেশন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 20, 2021 4:38 pm
Assam-Assembly

চলিত বৰ্ষৰ ব’হাগ বিহুৰ পূৰ্বেই অনুষ্ঠিত হ’ব পাৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে অহা ১১ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব বিধানসভাৰ অধিৱেশন।

চলিত বিজেপি মিত্ৰজোঁট চৰকাৰৰ এই খনেই হ’ব অন্তিম খন বিধানসভাৰ অধিৱেশন।

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে অধিসূচনা জাৰি কৰি বিধানসভা অধিৱেশন অনুষ্ঠিত কৰাৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰিছে।

১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বিধানসভা অধিৱেশন কিমান দিনীয়া হ’ব সেয়া বিধানসভাৰ পৰামৰ্শদাতা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব যদিও বিধানসভাৰ সৈতে জৰিত শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে চৰকাৰৰ অন্তিম খন বিধানসভাৰ অধিৱেশন তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই বেছি।

উক্ত অধিৱেশনতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২০২১-২২ বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহৰ বাবে  বিত্তীয় অনুমোদন বিচাৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য শেহতীয়াকৈ কেন্দ্ৰীয় নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই তিনিদিনীয়া ভ্ৰমণসূচীলৈ অসম ভ্ৰমণ কৰিছে।

মুখ্য নিৰ্বাচন আয়ুক্তই আজি গুৱাহাটীত অনুষ্ঠিত কৰা সংবাদ মেলত ব’হাগ বিহুৰ পূৰ্বেই ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব পাৰে বুলি ইংগিত দিছে।