NORTHEAST NOW (Assamese)
অসম

নতুনকৈ নামকৰণ কৰা হ’ল ‘ড্ৰেগন ফল’ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 20, 2021 4:29 pm

বৰ্তমান সময়ৰ এবিধ জনপ্ৰিয় ফল ‘ড্ৰেগন ফল’ৰ নতুনকৈ নামাকৰণ কৰা হৈছে গুজৰাটত।

মঙলবাৰে গুজৰাটৰ মুখ্য মন্ত্ৰী বিজয় ৰূপানীয়ে ড্ৰেগন ফলৰ নতুন নাম ‘কমলম’ হিচাপে ঘোষণা কৰে।

সংস্কৃত শব্দ কমলমৰ অৰ্থ হৈছে পদুম ফুল।

‘‘ড্ৰেগন শব্দটো ফলটোৰ সৈতে মিলা নাই আৰু এই শব্দটোৰ সৈতে চীনৰে অধিক পৰিচয় আছে। ফলবিধৰ বহিঃভাগ দেখাত পদুম ফুলৰ নিচিনা,’’ গুজৰাটৰ  মুখ্য মন্ত্ৰী বিজয় ৰূপানীয়ে এইদৰে লগতে কয়।

গুজৰাটৰ কচ্চ জিলাৰ খেতিয়ক সকলে গুজৰাট চৰকাৰক ড্ৰেগন ফলৰ নতুন নামকৰণৰ বাবে আহ্বান জনাইছিল।

বৰ্তমান সময়ত ফলৰ বজাৰত ড্ৰেগন ফল ইয়াৰ আকৃতি আৰু সোৱাদৰ বাবে অধিক জনপ্ৰিয় হৈ পৰিছে।

শৰীৰৰ বাবে প্ৰয়োজনীয় বিভিন্ন উপাদান ফলবিধত ভৰপুৰ হোৱা বাবেও গ্ৰাহকে ইয়াক পচন্দ কৰা আৰম্ভ কৰিছে।

অসমৰো বিভিন্ন স্থানত এই ফলবিধৰ খেতি কৰা নতুনকৈ আৰম্ভ হৈছে।