NORTHEAST NOW (Assamese)
অসম

বি চি চি আইক পত্ৰ লিখি ধন্যবাদ জ্ঞাপন ক্ৰিকেট অষ্ট্ৰেলিয়াৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 20, 2021 4:08 pm
বি চি চি আইক পত্ৰ লিখি ধন্যবাদ জ্ঞাপন ক্ৰিকেট অষ্ট্ৰেলিয়াৰ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা ক্ৰিকেট শৃংখলাৰ সামৰণিৰ পাছতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডক পত্ৰ লিখি ধন্যবাদ জ্ঞাপন কৰিছে ক্ৰিকেট অষ্ট্ৰেলিয়াই।

বিশ্ব ব্যাপি ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ মাজতে ভাৰতে অষ্ট্ৰেলিয়াত ক্ৰিকেট শৃংখলাত অংশগ্ৰহণ কৰাৰ বাবে বি চি চি আইক বুধবাৰে পত্ৰ যোগে ধন্যবাদ জ্ঞাপন কৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই।

‘‘লাখ লাখ লোকৰ মুখত আনন্দ কঢ়িয়াই আনিলে এই শৃংখলাই……..অষ্ট্ৰেলিয়ান ক্ৰিকেটে বি চি চি আইৰ বন্ধুত্ব, বিশ্বাস আৰু দায়বদ্ধতাৰ কথা কেতিয়াও নাপাহৰে……বি চি চি আইৰ এই ত্যাগক ক্ৰিকেট অষ্ট্ৰেলিয়াই সদায় মনত ৰাখিব,’’ বুধবাৰে পত্ৰখনত ক্ৰিকেট অষ্ট্ৰেলিয়াই এইদৰে উল্লেখ কৰে।

ভাৰতে অষ্ট্ৰেলিয়াৰ মাটিত তিনিখন এদিনীয়া, তিনিখন টি-২০ আৰু চাৰিখন টেষ্ট খেলৰ শৃংখলাত অংশগ্ৰহণ কৰিছিল।

অষ্ট্ৰেলিয়াই এদিনীয়া শৃংখলাত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে ভাৰতে টি-২০ আৰু টেষ্ট শৃংখলাত বিজয়ী হৈছিল।