NORTHEAST NOW (Assamese)
অসম

বন্ধুত্বৰ প্ৰতিদান: ভূটানক ১.৫ লাখ কোভিড ভেকচিন উপহাৰ হিচাবে আগবঢ়ালে ভাৰতে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 20, 2021 4:02 pm
COVID-19 India begins ex

চুবুৰীয়া প্ৰায় ভাগ দেশেই ভাৰতৰ সৈতে বিভিন্ন বিষয়কলৈ   তিক্ত সম্পৰ্ক  গঢ়ি তোলাৰ সময়তে ভূটানে পিছে ভাৰতৰে বন্ধুত্ব পূৰ্বৰ দৰেই বজাই ৰাখিছে।

সেইবাবেই বন্ধুত্বৰ প্ৰতিদান হিচাবে ভাৰতে আজি ভূটানলৈ প্ৰেৰণ কৰে ছেৰাম ইনষ্টিটিউটে উৎপাদন কৰা ১.৫ লাখ কোভিশ্বিল্ড ভেকচিন।

আজি পুৱাই মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা বিশেষ বিমানেৰে ভূটান ৰ ৰাজধানী থিম্ফুলৈ কঢ়িয়াই নিয়া হয় এই ভেকচিন খিনি।

ভাৰতে সম্পূৰ্ণ বিনামূলীয়াকৈ ভূটানলৈ আগবঢ়াইছে এই ভেকচিন।

এতিয়ালৈকে বিশ্বৰ কেইবাখনো দেশে ভাৰতৰ ছেৰাম ইনষ্টিটিউটে উৎপাদন কৰা অক্সফোৰ্ড এষ্ট্ৰাজেনেকাৰ কোভিশ্বিল্ড ভেকচিন বিচাৰি ভাৰতৰ ওচৰত আবেদন জনাইছে।

ভেকচিন বিচাৰি আবেদন জনোৱা দেশ সমূহ হৈছে ক্ৰমে বাংলাদেশ , শ্ৰীলংকা, আফগানিস্তান, ছিছিলি,মালদ্বীপ, ম্যানমাৰ, নেপাল আদি।

ইয়াৰে ৬ খন দেশক ভাৰতে কোভিশ্বিল্ড ভেকচিন যোগান ধৰাৰ সিদ্ধান্ত চূড়ান্ত কৰিছে।

সেই মৰ্মে আজি প্ৰথমবাৰৰ বাবে ভাৰতে ভূটানলৈ ভেকচিন প্ৰেৰণ কৰে।

ভাৰতে বাংলাদেশকো ভেকচিন উপহাৰ হিচাবে আগবঢ়াব বুলি জানিব পৰা গৈছে।

উল্লেখ্য ক’ৰ’ণাৰ সংহাৰ চলি থকাৰ সময়তো ভাৰতে ভূটানক কেইবা কোটি টকা মূল্যৰ দৰৱ আৰু পিপিই কিট বিনামূল্যে আগবঢ়াইছিল।