NORTHEAST NOW (Assamese)
Popular Stories

মৰ্মান্তিক! ভূমিস্খলনত মাটিত পোত খাই মৃত্যুক সাবটিলে নৃত্যশিল্পী প্ৰিয়ংকাই

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 28, 2020 12:50 pm

খাৰঘূলিৰ হিড়িম্বাপুৰত আজি পুৱা এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। পাহাৰৰ মাটি খহি প্ৰিয়ংকা বড়ো নামৰ এগৰাকী ২১ বছৰীয়া যুৱতীয়ে মৃত্যুক সাবটি লয়।

প্ৰাপ্ত তথ্য মতে আজি পুৱা যুৱতী গৰাকীয়ে ঘৰ সাৰি থকা অৱস্থাতে এই কৰুণ অঘটনটো ঘটে। ভূমিস্খলনৰ ফলত মাটিত প্ৰিয়ংকাৰ শৰীৰ পোত খাই যায়।

উল্লেখযোগ্য যে ২০১৫ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাত প্ৰিয়ংকাই সংগীত বিভাগত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল। শাস্ত্ৰীয় আৰু লোক নৃত্য, বিহুত পাৰ্গত আছিল প্ৰিয়ংকা ৷

প্ৰধান মন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ সময়ত নৃত্য কৰিছিল প্ৰিয়ংকাই ৷ গুৱাহাটী কলেজৰ ৬ ষান্মাষিকত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে নৃত্যৰ জৰিয়তে যথেষ্ট সন্মান বুটলিবলৈ সক্ষম হৈছিল।

লণ্ডনলৈ নৃত্য কৰিবৰ যোৱাৰ কথা আছিল প্ৰিয়ংকাই কিন্তু লকডাউনৰ বাবেই যাব নোৱাৰিলে। প্ৰিয়ংকাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয়।