NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত ১০ৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ

Posted by: ৰিনয় বসুমতাৰী February 26, 2018 8:50 pm

কোকৰাঝাৰত অহা ১০ৰ পৰা ২০ মাৰ্চলৈ বডো ৰাইতাৰ্চ একাদেমি- এ আয়োজন কৰিছে ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ।

বডো ৰাইতাৰ্চ একাদেমিৰ সভাপতি ৰাজেন বসুমতাৰীয়ে আজি কোকৰাঝাৰত ঘোষণা কৰা মতে কোকৰাঝাৰৰ বডোফা কমপ্লেক্সত অনুষ্ঠিত হ’ব এই গ্ৰন্থ উৎসৱ তথা বডোলেণ্ড গ্ৰন্থ আৰু বাণিজ্য মেলা।

নেশ্বনেল বুক ট্ৰাস্তৰ সহযোগিতাত আৰু বি টি চি প্ৰশাসনৰ সহায়ত বডো ৰাইটাৰ্চ একাদেমিয়ে এই উৎসৱ আয়োজন কৰিছে।

উৎসৱটোক লৈ আয়োজক একাদেমি আৰু Society for Agro Society and Eco Development নামৰ এক আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থাৰ মাজত আজি এক চুক্তিও স্বাক্ষৰিত হয়।

একাদেমিয়ে বডো লেখকসকলক প্ৰতি বছৰে প্ৰদান কৰি অহা আশাৰাণী মচাহাৰি সাহিত্য বঁটা এই বছৰ আগবঢ়োৱা হ’ব বিজনীৰ সাহিত্যিক ধীৰ্জু জ্যোতি বসুমতাৰীক।

‘Aabarini Jiuni Scash’ নামৰ কবিতা পুথিৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে।

উৎসৱটোত ইণ্ড’নেছিয়া, বাংলাদেশ, ভূটান আৰু জেপানৰ অতিথিয়েও ভাগ ল’ব।

আয়োজকসকলে জনোৱা মতে উৎসৱথলীত জনজাতীয় খাদ্য মেলাও অনুষ্ঠিত হ’ব।