NORTHEAST NOW (Assamese)
অসম

ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাতো ২ মে’ত ড্ৰাই ডে ঘোষণা

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন May 1, 2021 6:22 am
dry-day-1140x570-750x375

বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে অহা ২ মে’ৰ দিনটো ভোটগণনা শেষ নোহোৱালৈকে ড্ৰাই ডে ঘোষণা কৰিছে।

যদি ভোটগণনা ৩ মে’ দিনৰ ১১বজাৰ পাছতো অব্যাহত থাকে তেনেহ’লে ৩ মে’ৰ দিনটোও ড্ৰাই ডে হিচাপে গণ্য কৰা হ’ব।

জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে এই সম্পৰ্কে নিৰ্দেশ জাৰি কৰিছে।

এই সময়ছোৱাত সকলো পাইকাৰী আৰু খুচুৰা সুৰাৰ বিপনী বন্ধ থাকিব। লগতে সুৰা বিক্ৰীৰ অনুজ্ঞাপ্ৰাপ্ত ক্লাব, হোটেল আদিতো সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে।

সেইদৰে, এই সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা স্থানত সুৰা মজুত ৰাখিবও নোৱাৰিব।

এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু নিৰ্বাচন বিধিৰ ১৩৫ চি ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।