NORTHEAST NOW (Assamese)
Popular Stories

ঘূমৰ : এখন সফল ক্ৰীড়াভিত্তিক ছবি

Posted by: ৰিমলী বৰকটকী Updated by: ৰিমলী বৰকটকী August 30, 2023 3:43 pm

ঘূমৰ,বা ঘূৰ্ণন। এক গতি। ঘুমৰ এখন হিন্দী ভাষাৰ ছবিৰ নাম। প্ৰখ্যাত পৰিচালক আৰ বাল্কিৰ এই ছবিখন ক্ৰীড়াভিত্তিক। ইতিমধ্যেই ১ ৪তম ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ মেলবৰ্ণত ১২ আগষ্ট,২০২৩ তাৰিখে প্ৰদৰ্শিত হৈছে ছবিখন। ক্ৰিকেটভিত্তিক এই ছবিখনৰ চিত্ৰনাট্য আৰু কাহিনী লিখিছে-আৰ বাল্কি,ৰাহুল সেনগুপ্তা হৃষি ভিৰ্মানীয়ে। ছবিখনে আনুষ্ঠানিকভাৱে ১৮ আগষ্ট তাৰিখে ছবিগৃহত মুক্তি লাভ কৰিছে আৰু বৰ্তমানেও চলি আছে।

ছবিৰ আৰম্ভণি ঘটে-খেলুৱৈয়ে ষ্টেডিয়ামত প্ৰবেশ কৰাৰ দৃশ্যক পিছফালৰ পৰা কেমেৰাত আৱদ্ধ কৰাৰ দৃশ্যৰে। এই দৃশ্যই তাৎক্ষণিকভাৱে ভাগ মিলখা ভাগ ছবিখনৰ আৰম্ভণিলৈ মনত পেলাই দিছিলে। আৰম্ভণিৰ পৰা সকলো মাথোঁ ক্ৰিকেট। ঘৰত,বাহিৰত সকলোতে। অ, এটাই পাৰ্থক্য মাত্ৰ-মহিলা ক্ৰিকেট। আনিনা(ছায়ামী খেৰ)এগৰাকী উঠি অহা ক্ৰিকেটাৰ(বেটছ্মেন)। আনিনাৰ নিৰ্বাচন হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়, প্ৰথমে ৰাজ্যিক,তাৰপিছত দেশীয় আৰু তাৰ সমান্তৰালকৈ আন আন চৰিত্ৰ,পৰিস্থিতিকো প্ৰতিষ্ঠা কৰা হয়।

প্ৰথমাৰ্দ্ধত চিনেমাৰ কাহিনীৰ গতি সুচল যদিও,কিছু পৰিমাণে মন্থৰ। আৰম্ভণিৰে পৰাই অমিত ত্ৰিবেদীৰ আৱহ-সংগীতৰ প্ৰয়োগ খাপ খোৱা। সকলোবোৰ ঠিক উছৱমুখৰ হ’বলৈ ধৰোতেই, হঠাৎ কাহিনীলৈ এনে এক পৰিৱৰ্তন আহে যে সমগ্ৰ দৃশ্যপটেই সলনি হৈ পৰে। ইতিপূৰ্বে,ছবিত অভিষেক বচ্চনৰ চৰিত্ৰই ভুমুকি মাৰে। পূৰ্বৰ ক্ৰিকেট খেলুৱৈ যাক কোনেও গুৰুত্ব নিদিয়ে, তেওঁ‌ৰ এষাৰ কথাত আনিনাৰ মন ভাঙি পৰে। ইয়াৰ পিছৰ দূৰ্ঘটনাত আনিনাই বেটিং কৰা হাতখন হেৰুৱাব লগা হয়। তাৰপিছত কি হয়, তাক লৈয়েই ছবিৰ পৰৱৰ্তী কাহিনীভাগ। চিনেমাৰ চলচ্চিত্ৰগ্ৰহণশিল্পৰ কাম কৰিছে বিশাল সিনহাই। আৰু এইটো ছবিখনৰ এটি সুন্দৰ অংশ। বিশেষকৈ পেডী(অভিষেক বচ্চন)য়ে আনিনাক ট্ৰেইনিং দি থকা সময়খিনি অনন্য। লগতে নিশা পেডীৰ বিধ্বস্ত মনোদশাক দৰ্শাবলৈ কৰা পোহৰ আৰু শ্বটৰ ব্যৱহাৰ প্ৰশসংনীয়। পিছে ক্ৰীড়া সম্পৰ্কীয় ছবি এখনত যি উৎকন্ঠা, উত্তেজনা মিশ্ৰিত থাকে বা উৎসাহ থাকে-সেইখিনি উপাদানৰ প্ৰয়োগ কম দেখা গ’ল। আৰু অভিষেক বচ্ছনৰ চৰিত্ৰটোৰ ঠাইত আন কোনো চৰিত্ৰ লোৱা হয় হয়তো অধিক জীপাল হৈ উঠিল হয় পেডীৰ চৰিত্ৰ।

তৰংগ শীৰ্ষৰ শেষত কিছু আৱেগিক আৰু কিছু উৎকন্ঠাময় পৰিবেশৰ সৃষ্টি হয়। নিপুন আশাদে গুপ্তাৰ সম্পাদনাৰ দিশটো ভাল। মাথোঁ কাহিনীভাগ প্ৰথমাৰ্দ্ধতে আৰু অলপ চুটি হোৱাহয়, ছবিৰ আৱেদনধৰ্মীতা আৰু অধিক হ’লহয়। ছবিৰ মূল তাৰকা আনিনা অৰ্থাৎ ছায়ামী খেৰ। ছায়ামীৰ সম্পূৰ্ণ স্বাভাৱিক অভিনয়ক প্ৰশংসা কৰিবই লাগিব। ক্ৰীড়া সম্পৰ্কীয় ছবি যদিহে চাই ভালপাই,তেন্তে ঘুমৰ আপোনাৰ বাবে।

ৰিমলী বৰকটকী।
মেইল-ঃ- [email protected]