NORTHEAST NOW (Assamese)
অসম

ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা পুনৰ উত্থাপিত হ’ল টাই আহোমক জনজাতিকৰণৰ দাবী

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ July 16, 2021 12:12 pm
Tai Ahom demand

ৰাজ্যত পুনৰ টাই আহোমসকলক জনজাতিকৰণৰ দাবী উত্থাপিত হৈছে।

টাই আহোম যুৱ পৰিষদৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এই দাবী কৰে সংগঠনটোৱে।

লগতে নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিৰ কথা পুনৰ সোঁৱৰাই দিয়ে সংগঠনটোৱে।

উল্লেখ্য যে আজি পুৱা টাই আহোম যুৱ পৰিষদৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস ঐতিহাসিক ৰংঘৰ বাকৰিত অনুষ্ঠিত হয়।

ক’ভিড প্ৰটকলৰ বাবে কেৱল পতাকা উত্তোলন আৰু মৈডাম তৰ্পণেৰে অনুষ্টুপীয়াকৈ পালন কৰা হয় প্ৰতিষ্ঠা দিৱস।

ইয়াৰ পিছতে সংগঠনটোৱে শিৱসাগৰৰ বিভিন্ন স্থানত পাঁচশ জোপা গছপুলি ৰোপন কৰে।

বিজেপি চৰকাৰে দ্বিতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠনৰ পাছত প্ৰথমবাৰ এইদৰে এটা জনগোষ্ঠীয়ে পুনৰ জনজাতিকৰণৰ বিষয়টো ৰাজহুৱা উত্থাপন কৰিলে।