NORTHEAST NOW (Assamese)
অসম

পেট্ৰ’ল আৰু ডিজেলৰ মূল্যৰ হ্ৰাস-বৃদ্ধিৰ লুকাভাকু : আজি পুনৰ বৃদ্ধি পালে দৰ

Posted by: এন ই নাও নিউজ October 6, 2018 8:54 am
Lockdown: No fuel for those not wearing masks in Assam's Biswanath

পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ সুখৱৰ দিবলৈ তৎপৰ হৈ পৰা চৰকাৰখনৰ বাবে পুনৰ আহুকালৰ সৃষ্টি কৰিবলৈ ওলাইছে এই জুলীয়া ইন্ধন বিধে। কিয়নো চৰকাৰৰ উৎসাহত পানী ঢালি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। ইয়াৰ বাবে সৰ্বসাধাৰণক সকাহ দিয়াৰ দাবীও যেন এতিয়া অৰ্থহীন হৈ পৰিব।

পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ এদিন পিছতে সৰ্বসাধাৰণৰ মূৰত মাধমাৰ দি আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰ’লৰ দৰ পুনৰ  ৮১.৬২ টকালৈ বৃদ্ধি পোৱাৰ লগতে প্ৰতি লিটাৰ ডিজেলৰ দৰ হৈছেগৈ ৭৪.১২ টকা।

এতিয়া চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়াৰ পিছতে প্ৰতি লিটাৰ পেট্ৰ’লৰ দৰ ২৪ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ৩৬ পইচা।

উল্লেখ্যোগ্য যে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যহ্ৰাস কৰিছিল। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে আহ্বান মৰ্মে ৰাজ্য চৰকাৰেও পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰিছিল। সেইদৰে অসমত প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলত মুঠ ৫ টকাকৈ হ্ৰাস পাইছিল।

তাৎপৰ্যপূৰ্ণভাৱে, পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ এদিন পিছতে শনিবাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পালে। এতিয়া পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ পিছত সাময়িকভাৱে আন্দোলন স্থগিত ৰখা দল-সংগঠনবোৰে আকৌ প্ৰতিবাদৰ কাৰ্যসূচী লৈ ৰাজপথলৈ ওলাই অহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।