NORTHEAST NOW (Assamese)
অসম

এদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে  আজি মাজুলীত উপস্থিত হ’বহি মুখ্যমন্ত্ৰী সোণোৱাল

Posted by: মিটু খাটনিয়াৰ October 6, 2018 9:13 am
sarbanand-sonowal-

এদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে  ৬ অক্টোবৰত মাজুলীত উপস্থিত হ’বহি মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীয়ে মাজুলী জিলাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ২৮টা গ্ৰাম্য পথ নিৰ্মাণ আঁচনি ৰূপায়ণৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিব।

মাজুলী উন্নয়ন খণ্ড এলেকাৰ অন্তৰ্গত ১১ টা গ্ৰাম্য পথ (মুঠ ব্যয় ১৯.৮১ কোটি টকা) আৰু উজনি মাজুলী উন্নয়ন খণ্ড এলেকাৰ অন্তৰ্গত ১৭টা গ্ৰাম্য পথৰ (মুঠ ব্যয় ৩৯.৭০ কোটি টকা) আধাৰশিলা স্থাপন কৰিব।

এই উপলক্ষে লখিমপুৰ সংসদীয় সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত দুপৰীয়া ১২ বজাত কাকতিবাৰীত আৰু দুপৰীয়া ১ বজাত ৰঙাচাহী প্ৰগতি ৰঙ্গমঞ্চত আয়োজিত দুটা পৃথক অনুষ্ঠানত পিএমজিএছৱাই পথসমূহৰ প্ৰতীকী আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰী সোণোৱালে।