NORTHEAST NOW (Assamese)
অসম

এইবাৰ আলুৰ বস্তাৰ লগত ওলাল সুৰা; আবকাৰী বিভাগৰ অভিযানত জব্দ ২০০ কাৰ্টন সুৰা

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম July 16, 2021 11:40 am
index

অব্যাহত আছে বিশ্বনাথ জিলা আবকাৰী বিভাগৰ ধাৰাবাহিক অভিযান।

বৃহস্পতিবাৰে নিশা বিশ্বনাথ জিলা আবকাৰী বিভাগৰ অভিযানত জব্দ হৈছে ২০০ কাৰ্টন অৰুণাচলী সুৰা।

আলুৰ বস্তাৰ লগত ট্ৰাকৰ ভিতৰত থকা এটা চেম্বাৰত পানী বটলৰ কাৰ্টনত লৈ আহিছিল অৰুণাচলী সুৰাখিনি।

বিশ্বনাথ জিলাৰ আৱকাৰী বিভাগৰ চতিয়া চাৰ্কোলৰ সহ পৰিদৰ্শক জয়ন্ত বৰাৰ নেতৃত্বত অভিযান চলাই জব্দ কৰে সুৰাখিনি।

আনহাতে, BR 01 GR 5087 নম্বৰৰ ট্ৰাকখনত বান্দৰদোৱাৰ পৰা লৈ আহিছিল সুৰাখিনি।

গুৱাহাটীলৈ নিয়াৰ পথত কুসুমতলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে অৰুণাচলী সুৰাখিনি।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও চিৰাৰ বস্তাৰ সৈতে জব্দ কৰিবলৈ সক্ষম হৈছিল সুৰা আৰু আজি পুনৰ আলুৰ বস্তাৰ লগত ওলাল সুৰাৰ কাৰ্টন।