NORTHEAST NOW (Assamese)
অসম

মহাকাশ ক্ষেত্ৰখনলৈ ষ্টাৰ্ট আপ সমূহে আগ্ৰহ দেখুৱাইছে যদিও বৃহৎ গোষ্ঠী এতিয়ালৈ আগবাঢ়ি অহা নাই : কে শিৱান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 28, 2020 6:23 pm
ISRO Chief

কেন্দ্ৰ চৰকাৰে ব্যক্তিগত খণ্ডৰ বাবে ভাৰতৰ মহাকাশ ক্ষেত্ৰখনক মুকলি কৰি দিয়াৰ পাছত দেশৰ ভালেসংখ্যক ষ্টাৰ্ট আপে মহাকাশ গৱেষণা ক্ষেত্ৰৰ পৰা আগ্ৰহ দেখুৱাইছে বুলি উল্লেখ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ অধ্যক্ষ কে শিৱানে।

দেশৰ বিভিন্ন ষ্টাৰ্ট আপে ভাৰতীয় মহাকাশ গৱেষণা ক্ষেত্ৰৰ প্ৰতি আগ্ৰহ দেখুৱালেও এতিয়ালৈ কোনোধৰণৰ বৃহৎ পুজিপতি গোটে আগবাঢ়ি অহা নাই বুলিও শিৱানে লগতে কয়।

দেশৰ ব্যক্তিগত খণ্ড সমূহৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত থকা প্ৰস্তাৱ সমূহ পৰ্যালোচনা কৰি এইক্ষেত্ৰত সেউজ সংকেত দিয়াৰ বাবে কেন্দ্ৰ চৰকাৰে  নেশ্যনেল স্পেচ প্ৰমোশ্যন এণ্ড অথ’ৰাইজেশ্যন চেণ্টাৰ(আই এন-স্পেচ) স্থাপন কৰিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ব্যক্তিগত খণ্ড সমূহক ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত অংশীদ্বাৰিত্ব গ্ৰহণৰ বাবে আগবাঢ়ি অহাৰ বাবে আহ্বান জনাইছিল।

উল্লেখযোগ্য যে, বৰ্তমান সময়ত ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই জাপানৰ সৈতে একেলগে চন্দ্ৰ অভিযানৰ বাবে কাম কৰি আছে।