NORTHEAST NOW (Assamese)
Popular Stories

সেনা বাহিনীৰ বৃহৎ সাফল্য : অনন্তনাগত হিজবুলৰ কামাণ্ডাৰসহ ৩ সন্ত্ৰাসবাদী নিহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 29, 2020 3:24 pm
index

কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ সাফল্য লাভ কৰিছে ভাৰতীয় সেনাসহ অধসামৰিক বাহিনীয়ে।

সোমবাৰে অনন্তনাগত ভাৰতীয় সেনা, অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে চলোৱা যৌথ অভিযানত হিজবুল মুজাহিদ্দিনৰ কামাণ্ডাৰসহ অন্য দুটা সন্ত্ৰাসবাদী নিহত হৈছে।

নিহত হিজবুল কামাণ্ডাৰজন ডোডা জিলাৰ বাসিন্দা মাছুদ আহমেদ ভাট বুলি চিনাক্ত কৰা হৈছে।

বাকী দুই সন্ত্ৰাসবাদীক লস্কৰ-ই-তৈবাৰ সদস্য বুলি জানিবলৈ দিছে জন্মু-কাশ্মীৰ আৰক্ষীয়ে।

উক্ত সংঘৰ্ষৰ পিছতে জন্মু-কাশ্মীৰ আৰক্ষীয়ে ডোডা জিলা সম্পূৰ্ণভাৱে সন্ত্ৰাসবাদীমুক্ত হোৱা বুলি দাবী কৰিছে।

আৰক্ষীৰ সূত্ৰৰ মতে, সোমবাৰে পুৱা দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ খুলচোহাৰ অঞ্চলত যৌথ বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে উক্ত তিনি সন্ত্ৰাসবাদী।

“খুলচোহাৰৰ অভিযানত হিজবুল মুজাহিদ্দিনৰ এক জিলা কামাণ্ডাৰ আৰু দুই লস্কৰ-ই-তৈবাৰ সদস্য নিহত হৈছে। মাছুদ আহমেদ ভাটৰ মৃত্যুৰ লগে লগে ডোডা জিলা সম্পূৰ্ণৰূপে সন্ত্ৰাসবাদমুক্ত হৈছে। কাৰণ তাত ডোডাই আছিল শেষ সন্ত্ৰাসবাদী।” জন্মু-কাশ্মীৰৰ আৰক্ষী প্ৰধান দিলবাগ সিঙে কয়।

উক্ত সংঘৰ্ষস্থলীৰ পৰা যৌথ বাহিনীয়ে এ কে ছিৰিজৰ এটা ৰাইফল আৰু দুটা পিষ্টল উদ্ধাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰৰ মতে মাছুদ আহমেদ ভাটৰ বিৰুদ্ধে ধৰ্ষণৰো অভিযোগ আছিল।

ইয়াৰ পিছৰ পৰাই তেও পলাতক হৈ মুজাহিদ্দিনত যোগ আছিল আৰু কাশ্মীৰৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদী সংগঠনটোৰ হৈ হিংসাত্মক কাম কাজত লিপ্ত আছিল।