NORTHEAST NOW (Assamese)
অসম

মৰিয়নী কঠালগুৰি চাহ বাগিচাত চাহ মজদুৰ সংঘৰ প্ৰতিবাদী কাৰ্য্যসূচী

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 30, 2020 1:42 pm

যোৰহাট জিলাৰ মৰিয়নী কঠালগুৰি চাহ বাগিচাত চাহ মজদুৰ সংঘই আজি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

কঠালগুৰি বাগিচাৰ কলঘৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত বাগিচা চাহ মজদুৰ সংঘৰ নেতৃত্বত বাগিচাৰ শ্ৰমিক সকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

দীৰ্ঘদিন ধৰি চাহ শ্ৰমিক সকলে তেওঁলোকৰ মজুৰি বৃদ্ধিৰ দাবী জনাই অহাৰ পিছতো চৰকাৰ তথা মালিক পক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা কাৰণেই আজি এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।

এঘন্টাৰ পিছতেই আজিৰ এই প্ৰতিবাদী কাৰ্য্যসূচী বন্ধ কৰা হয় যদিও আগন্তুক সময়ত বাগিচাৰ মালিক পক্ষই যদি চাহ শ্ৰমিকৰ সমস্যা সমাধানত গুৰুত্ব প্ৰদান নকৰে তেন্তে পৰৱৰ্তী পৰ্যায়ত বাগিচা বন্ধ কাৰ্য্যসূচী ল’বলৈ বাধ্য হ’ব বুলি মত প্ৰকাশ কৰে চাহ মজদুৰ সংঘৰ প্ৰতিবাদী চাহ শ্ৰমিক সকলে।