NORTHEAST NOW (Assamese)
অসম

বানপীড়িত গঞাক সাহায্য বিতৰণ শিৱসাগৰৰ বিশিষ্ট ব্যৱসায়ী ৰফিকুল হাজৰিকাই

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ June 30, 2020 5:58 pm
IMG-20200630-WA0022

শিৱসাগৰৰ বিশিষ্ট ব্যৱসায়ী ৰফিকুল হাজৰিকাই আজি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা দেখা যায়।

ক’ৰ’না সন্ত্ৰাসৰ মাজতে বানপীড়িত ৰাইজৰ কাষত থিয় দিলে জিতু এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী ৰফিকুল হাজৰিকা ওৰফে জিতুৱে।

আজি শিৱসাগৰৰ ঢুলীয়াপাৰ দিচিয়ালৰ ভাটিবন অঞ্চলৰ বানবিধ্বস্ত ১৪০ টা পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী হাজৰিকাই।

গাঁওবাসীক চাউল, দাইল, আলু, পিয়াজ, মিঠাতেল বিস্কুত আদি বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দিয়ে ৰফিকুল হাজৰিকাই।

উল্লেখ্য যে দিখৌ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছিল এই অঞ্চলটো।

বৰ্তমান পানী শুকাইছে যদিও বানে সকলো বুৰাই পেলোৱা অঞ্চলটোৰ ৰাইজ বৰ্তমান খাদ্য সংকটত ভুগিছে।

এনে এক সংকটৰ সময়ত অঞ্চলটোৰ ৰাইজক সহায়ৰ হাত আগবঢ়ায় ৰফিকুল হাজৰিকাই।

”মহান বা মহৎ হবলৈ নহয়, মনুষ্য হৈ মানৱ ধৰ্ম পালন কৰিবলৈ চেষ্ঠা কৰিছো বুলি”  মন্তব্য কৰে জিতু ওৰফে ৰফিকুল হাজৰিকাই।