NORTHEAST NOW (Assamese)
অসম

আজি চলি আছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ; ৰক্ষা হ’বনে ৰানিল বিক্ৰমাসিংঘেৰ গাদী?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 21, 2024 12:04 pm

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। শনিবাৰে স্থানীয় সময় অনুসৰি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ সন্ধিয়া ৪ বজালৈ চলিব। ইয়াৰ পিছতে ভোট গণনা আৰম্ভ হ’ব।

দুবছৰ পূৰ্বে অভূতপূৰ্ব অৰ্থনৈতিক সংকটৰ মাজতে ব্যাপক প্ৰতিবাদৰ সন্মুখীন হৈ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছে পলায়ন কৰিছিল। ইয়াৰ পিছত দেশবাসীয়ে প্ৰথমবাৰৰ বাবে নতুন নেতা বাছনি কৰাৰ সুযোগ লাভ কৰিছে।

নেতা বাছনি কৰাৰ সুযোগৰ উপৰিও এই নিৰ্বাচনক দেশৰ ভৱিষ্যত অৰ্থনৈতিক সংস্কাৰৰ নিৰ্ণায়ক হিচাপেও চোৱা হৈছে।

লগতে পঢ়কঃ ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! ম্যানমাৰৰ পৰা মণিপুৰত অনুপ্ৰৱেশ ৯০০ উগ্ৰপন্থীৰ, সষ্টম সেনা

বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰানিল বিক্ৰমাসিংহে ৰাষ্ট্ৰপতি পদৰ দৌৰত আগবাঢ়ি আছে। গোটাবায়া ৰাজাপাকছে দেশ এৰি যোৱাৰ পাছত সংসদত ভোটদানৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। এই প্ৰতিদ্বন্দ্বিতামূলক নিৰ্বাচনৰ পূৰ্বে বিক্ৰমাসিংঘেই শতাধিক জনসভা অনুষ্ঠিত কৰিছিল।

ইয়াৰ উপৰিও বিৰোধী দলৰ সংগী জন বালাৱেগাৰ (এছজেবি) নেতা সাজিত প্ৰেমদাসাও শক্তিশালী অৱস্থানত আছে। তেওঁ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পুত্ৰ। এই নির্বাচনত সাজিত প্রেমাদাসাই ভাল ফলাফল দেখুৱাব বুলি আশা কৰা হৈছে৷ এই নিৰ্বাচনী যুঁজত আগবাঢ়ি থকা আন এগৰাকী প্ৰাৰ্থী হৈছে নেশ্যনেল পিপলছ পাৱাৰ পাৰ্টিৰ নেতা অনুৰা কুমাৰ দিশানায়কে।

৩৮ বছৰীয়া নমল ৰাজাপাকছে ৰাজাপাকছে পৰিয়ালৰ প্ৰাৰ্থী। তেওঁ শ্ৰীলংকাৰ পাডুজান পেৰুমুনা (এছ এল পি পি) দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ বাহিৰেও ৪০ বছৰীয়া নুয়ান বোপেজে পিপলছ ষ্ট্ৰাগল এলায়েন্সৰ পৰা যুঁজ দিছে।

লগতে পঢ়কঃ অৰুণাচল প্ৰদেশত শিক্ষাৰ্থীৰ মাজত বিপন্ন গিবন সংৰক্ষণ বিষয়ক সজাগতা সৃষ্টি  

নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন আইন অনুসৰি এগৰাকী ভোটাৰে তিনিগৰাকী প্ৰাৰ্থীক ভোট দিব পাৰিব। যদি কোনো প্ৰাৰ্থীয়ে কমেও ৫০ শতাংশ বা তাতকৈ অধিক ভোট লাভ কৰে তেন্তে তেওঁক বিজয়ী ঘোষণা কৰা হ’ব। যদি কোনো প্ৰাৰ্থীয়ে ৫০ শতাংশ ভোট লাভ নকৰে তেন্তে সৰ্বাধিক ভোট লাভ কৰা প্ৰাৰ্থী দুজনৰ মাজত দ্বিতীয় ৰাউণ্ড (ৰাণ অফ) ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।