NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী লকডাউনৰ তৃতীয় দিনত ৫জনক গ্ৰেপ্তাৰ, ৫৮ বাহন জব্দ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা July 1, 2020 10:42 pm
Lockdown upsets Barpeta's firecracker industry

আৰক্ষীয়ে গুৱাহাটীত লকডাউনৰ তৃতীয় দিনা বুধবাৰে নিয়ম উলংঘাকাৰী পাঁচগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰা হৈছে।

দিনটোত নিয়ম উলংঘাকাৰী মুঠ ৫৮খন বাহন জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত আছে দুচকীয়া বাহন ২৫খন, তিনি চকীয়া নখন আৰু চাৰি চকীয়া ২৪খন।

আনহাতে মাস্ক নিপিন্ধাৰ লোকৰ পৰা মুঠ ১১ হাজাৰ ৫০০ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে৷

গুৱাহাটীত লকডাউনৰ সময়ত ৩০ জুনলৈকে ৩৭ হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰা হৈছে৷

গুৱাহাটীত শেহতীয়াকৈ ব্যাপক হাৰত ক’ভিড ৰোগী চিনাক্ত হৈছে।

যোৱা ২৪ ঘণ্টাত কেৱল গুৱাহাটীতে ৫০২গৰাকী ক’ভিড ৰোগী চিনাক্ত হৈছে।